
বৰপেটা, ২৪ ছেপ্টেম্বৰ (হি.স.)। বহিঃৰাজ্যত কৰ্মৰত অসমৰ আন এজন যুৱক নিৰুদ্দেশ হোৱাৰ চাঞ্চল্যকৰ খবৰ পোহৰলৈ আহিছে। সৰ্থেবাৰী থানাৰ অন্তৰ্গত গহিয়া গাঁৱৰ সন্তোষ মণ্ডলৰ ১৮ বছৰীয়া পুত্ৰ অনুপম মণ্ডল বিগত কিছুদিন ধৰি কৰ্মসূত্ৰে কেৰেলাত আছিল। পৰিয়ালৰ লোকৰ পৰা জানিব পৰা অনুসৰি, যোৱা ২০ তাৰিখ দেওবাৰে অনুপমে কেৰেলাৰ পৰা ৰেলযোগে বৰপেটা ৰোড অভিমুখী গৃহমুখী যাত্ৰা আৰম্ভ কৰিছিল।
কিন্তু যাত্ৰাৰ মাজপথতে তামিলনাডুত হঠাৎ নিৰুদ্দেশ হৈ পৰে যুৱকজন। অনুপমৰ সৈতে একেলগে যাত্ৰা কৰা গহিয়া গাঁৱৰে ভোলা চৌধুৰী আৰু বৰপেটাৰ কালীচৰণ সৰকাৰ নামৰ দুই বন্ধুৱে ৰেল খনৰ ভিতৰতে বিচাৰ-খোচাৰ চলাই যদিও তেওঁৰ কোনো সন্ধান নপালে। ইয়াৰ পিছতে বন্ধু দুজনে ঘটনা সন্দৰ্ভত অনুপমৰ পৰিয়ালক অৱগত কৰায়। ঘটনাক কেন্দ্ৰ কৰি চিন্তিত হৈ পৰা পৰিয়ালৰ লোকে। ইতিমধ্যে সৰ্থেবাৰী আৰক্ষী থানাত আৰক্ষীক খবৰ দিছে।
যদি কোনো সুহৃদয় ব্যক্তিয়ে অনুপম মণ্ডলৰ কিবা সন্ধান লাভ কৰে, তেন্তে পিতৃ সন্তোষ মণ্ডলৰ ৯১২৭১৩৯৯৭৮ নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ তৰফৰ পৰা আকুল আহ্বান জনোৱা হৈছে।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু