তামুলপুৰত ৬০ দিনীয়া এইছ আই ভি-এইডছৰ সজাগতা অভিযানৰ আৰম্ভণি
তামুলপুৰ, ২৪ ছেপ্টেম্বৰ (হি.স.)। তামুলপুৰত ৬০ দিনীয়া এইছ আই ভি-এইডছৰ সজাগতা অভিযানৰ আৰম্ভণি । এইডছ আইভি এইডচৰ বিৰুদ্ধে সজাগতা বৃদ্ধি, সংক্ৰমণ প্ৰতিৰোধ ,আগতিয়াকৈ পৰীক্ষা আৰু সময়তে চিকিৎসাৰ প্ৰতি আগ্ৰহী কৰাৰ লক্ষ্যৰে জনসাধাৰণৰ মাজত সজাগতা বৃদ্ধিৰ
তামুলপুৰত ৬০ দিনীয়া এইছ আই ভি-এইডছৰ সজাগতা অভিযানৰ আৰম্ভণি


তামুলপুৰ, ২৪ ছেপ্টেম্বৰ (হি.স.)। তামুলপুৰত ৬০ দিনীয়া এইছ আই ভি-এইডছৰ সজাগতা অভিযানৰ আৰম্ভণি ।

এইডছ আইভি এইডচৰ বিৰুদ্ধে সজাগতা বৃদ্ধি, সংক্ৰমণ প্ৰতিৰোধ ,আগতিয়াকৈ পৰীক্ষা আৰু সময়তে চিকিৎসাৰ প্ৰতি আগ্ৰহী কৰাৰ লক্ষ্যৰে জনসাধাৰণৰ মাজত সজাগতা বৃদ্ধিৰ বাবে তামুলপুৰ জিলাৰ তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত ৬০ দিনীয়া তথ্য, শিক্ষা আৰু যোগাযোগ( IEC) অভিযান আৰম্ভ কৰা হয় ।

তামুলপুৰ জিলা এইডচ নিয়ন্ত্ৰণ কাৰ্যালয়ৰ উদ্যোগত আৰু জিলা স্বাস্থ্য সমিতিৰ সহযোগত আৰু অসম ৰাজ্যিক এইডচ নিয়ন্ত্ৰণ সমিতিৰ সমৰ্থনত তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত উক্ত সভা খনত মুখ্য অতিথি হিচাপে উপস্থিত থাকে তামুলপুৰ জিলা অতিৰিক্ত আয়ুক্ত ( স্বাস্থ্য) হেমাশ্ৰী খনিকৰ, ৰবি বড়ো অসামৰিক চিকিৎসালয়ৰ ব্লাড বেংকৰ তত্ত্বাৱধায়ক ডা: ৰমেন কাকতি, তামুলপুৰ জিলা এইডচ নিয়ন্ত্ৰণ বিষয়া ডা: মনজিৎ কুমাৰ দাস , আই চি টি চি পৰামৰ্শদাতা মহেশ শৰ্মা, তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ বিভূতি ডেকা ।

অনুষ্ঠানৰ আৰম্ভনিতে বন্তি প্ৰজ্জলন কৰে জিলা অতিৰিক্ত আয়ুক্ত হেমাশ্ৰী খনিকৰে । উক্ত অনুষ্ঠানত পাচ শতাধিক ছাত্র ছাত্ৰী আৰু আশা কৰ্মী উপস্থিত থাকে ।

সভাৰ অন্তত এইছ আই ভি-এইডছৰ ৰ বিৰুদ্ধে জনসাধাৰণৰ মাজত সজাগতা বৃদ্ধিৰ বাবে এখন আই ই চি ভান প্ৰচাৰৰ বাবে মুকলি কৰা হয় । আইচি ভানৰ ফ্লেগ অফ কৰে জিলাৰ অতিৰিক্ত আয়ুক্ত গৰাকী। ইয়াৰ লগতে এইডচ ভয়াবহতাৰ সজাগতা সৃষ্টিৰ বাবে জিলা খনৰ আশা কৰ্মীৰ সৈতে এটা পদযাত্ৰাৰ শুভাৰম্ভ কৰা হয় ।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande