নলবাৰীৰ নলিছাত ৰাইজৰ হাতত আৱদ্ধ ২২টা চোৰাং গৰু সহ ট্ৰাক
বাহন এৰি পলায়ন সৰবৰাহকাৰী দলটো নলবাৰী, ২৪ ছেপ্তেম্বৰ (হি.স.)। নলবাৰীৰ নলিছাত পুৱতি নিশা ৰাইজে আৱদ্ধ কৰিলে চোৰাং গৰু কঢ়িওৱা এখন বাহন। বাহন খনৰ পৰা উদ্ধাৰ কৰা হয় ২২টা গৰু। পুৱতি নিশা মুকালমুৱা–জাগাৰা সংযোগী পথৰ নলিছা অঞ্চলত সংঘটিত হয় এই ঘটনা। জান
নলবাৰীৰ নলিছাত ৰাইজৰ হাতত আৱদ্ধ ২২টা চোৰাং গৰু সহ ট্ৰাক


বাহন এৰি পলায়ন সৰবৰাহকাৰী দলটো

নলবাৰী, ২৪ ছেপ্তেম্বৰ (হি.স.)। নলবাৰীৰ নলিছাত পুৱতি নিশা ৰাইজে আৱদ্ধ কৰিলে চোৰাং গৰু কঢ়িওৱা এখন বাহন। বাহন খনৰ পৰা উদ্ধাৰ কৰা হয় ২২টা গৰু। পুৱতি নিশা মুকালমুৱা–জাগাৰা সংযোগী পথৰ নলিছা অঞ্চলত সংঘটিত হয় এই ঘটনা। জানিব পৰা মতে, এএছ ০১ইউচি-৬৬৭২ নম্বৰৰ এচাৰ ট্ৰাক খনত গৰু কঢ়িয়াই অনা হৈছিল। স্থানীয় লোকৰ অভিযোগ অনুসৰি, পুৱতি নিশা গৰু সৰবৰাহকাৰী দলটোৰ মাজত কোনো কথাক লৈ কাজিয়াৰ সূত্ৰপাত হয়।

সেই সময়তে প্ৰাতঃভ্ৰমণলৈ ওলাই অহা লোকসকল সেই স্থানত উপস্থিত হোৱাত পৰিস্থিতি দেখি স্থানীয় লোকসকল গোট খায়।

ৰাইজৰ উপস্থিতিৰ উমান পাই গৰুসহ ট্ৰাকখন ঘটনাস্থলীতে এৰি সৰবৰাহকাৰী সকল পলায়ন কৰা বুলি জানিব পৰা গৈছে। পিছত স্থানীয় ৰাইজে বিষয়টো মুকালমুৱা আৰক্ষীক অৱগত কৰে।

খবৰ লাভ কৰি আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হৈ গৰুসহ বাহনখন জব্দ কৰি ঘটনাৰ তদন্ত আৰম্ভ কৰে। ইফালে, নলিছাত পুৱতি নিশা সংঘটিত উক্ত ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত সৃষ্টি হৈছে চাঞ্চল্য। উদ্ধাৰ হোৱা ২২টা গৰু ক’ৰ পৰা অনা হৈছিল আৰু ক’লৈ সৰবৰাহৰ চেষ্টা কৰা হৈছিল, সেই সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত আছে। আৰক্ষীৰ তদন্ততহে পোহৰলৈ আহিব সমগ্ৰ ঘটনাৰ প্ৰকৃত ৰহস্য।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande