পাণ্ডু এফ আৰ ইউত বিনামূলীয়া ডায়েলাইচিছ কেন্দ্ৰৰ শুভ উদ্বোধন
গুৱাহাটী, ২৩ ছেপ্টেম্বৰ (হি.স.)। কামৰূপ মহানগৰ জিলাৰ পাণ্ডু এফ আৰ ইউত প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় ডায়েলাইচিছ কাৰ্যসূচীৰ অধীনত নৱনিৰ্মিত বিনামূলীয়া ডায়েলাইচিছ কেন্দ্ৰটো আজি গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ বিজুলী কলিতা মেধিয়ে উদ্বোধন কৰে। তিনিটা ডায়েলা
পাণ্ডু এফ আৰ ইউত বিনামূলীয়া ডায়েলাইচিছ কেন্দ্ৰৰ শুভ উদ্বোধন


গুৱাহাটী, ২৩ ছেপ্টেম্বৰ (হি.স.)। কামৰূপ মহানগৰ জিলাৰ পাণ্ডু এফ আৰ ইউত প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় ডায়েলাইচিছ কাৰ্যসূচীৰ অধীনত নৱনিৰ্মিত বিনামূলীয়া ডায়েলাইচিছ কেন্দ্ৰটো আজি গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ বিজুলী কলিতা মেধিয়ে উদ্বোধন কৰে।

তিনিটা ডায়েলাইচিছ মেচিনৰ সংযোজনেৰে নতুন কেন্দ্ৰটোৱে বৃক্কজনিত ৰোগত আক্ৰান্ত ৰোগীসকলক বিনামূলীয়া ডায়েলাইচিছ সেৱা প্ৰদান কৰিব। এই সেৱাৰ ফলত পাণ্ডু আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলৰ ৰোগীসকলে দূৰলৈ নোযোৱাকৈ নিজ অঞ্চলৰ ওচৰতে বিনামূলীয়াকৈ ডায়েলাইচিছ সেৱা লাভ কৰিব।

উদ্বোধনী অনুষ্ঠানত অসমৰ মুখ্যমন্ত্ৰীৰ বিশেষ কৰ্তব্যৰত বিষয়া, হেমন্ত চৌধুৰী, কামৰূপ মহানগৰ জিলাৰ জিলা উন্নয়ণ আয়ুক্ত মনজিৎ বৰকাকতি, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ বিশেষ কৰ্তব্যৰত বিষয়া পল্লৱ জ্যোতি নাথ, পাণ্ডু এফ আৰ ইউৰ হস্পিতাল মেনেজমেন্ট কমিটি ৰ অধ্যক্ষ সঞ্জয় দাস, জিলাৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাঃ সঞ্জীৱ কুমাৰ শইকীয়া, পাণ্ডু এফ আৰ ইউ-ৰ উপ-অধীক্ষক ডাঃ কুমুদ ডেকাকে ধৰি কাউন্সিলৰসকল, ডিপিএমইউ আৰু পশ্চিম মণ্ডলৰ বিপিএমইউ ৰ সদস্যসকল, চিকিৎসক-স্বাস্থ্যকৰ্মী, আশা কৰ্মী আৰু স্থানীয় ৰাইজ উপস্থিত থাকে।

হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী


 rajesh pande