কৰম পূজাক লৈ নুমলীগড়ত উখল-মাখল পৰিৱেশ
গোলাঘাট, ২৩ ছেপ্টেম্বৰ (হি.স.)। কৰম পূজাক লৈ নিশা নুমলীগড়ত উখল-মাখল পৰিৱেশ। নুমলীগড়ৰ কাষৰীয়া জেকচন গ্ৰাণ্টত কৰম পূজাক কেন্দ্ৰ কৰি সৃষ্টি হৈছে উখল-মাখল পৰিৱেশ। জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে কৰম উৎসৱৰ আনন্দত অংশ লৈছে অঞ্চলবাসীয়ে। মাদলৰ তালে তালে
কৰম পূজাক লৈ নুমলীগড়ত উখল-মাখল পৰিৱেশ


গোলাঘাট, ২৩ ছেপ্টেম্বৰ (হি.স.)। কৰম পূজাক লৈ নিশা নুমলীগড়ত উখল-মাখল পৰিৱেশ।

নুমলীগড়ৰ কাষৰীয়া জেকচন গ্ৰাণ্টত কৰম পূজাক কেন্দ্ৰ কৰি সৃষ্টি হৈছে উখল-মাখল পৰিৱেশ। জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে কৰম উৎসৱৰ আনন্দত অংশ লৈছে অঞ্চলবাসীয়ে। মাদলৰ তালে তালে ঝুমুইৰ নৃত্যত মতলীয়া হৈছে মহিলা, যুৱতী আৰু কিশোৰীসকল। কৰম পূজাৰ দিনা চৰকাৰী বন্ধ ঘোষণা কৰাত আনন্দ প্ৰকাশ কৰিছে চাহ শ্ৰমিকসকলেও। পৰম্পৰা আৰু সংস্কৃতিৰ বৰ্ণিল সমাহাৰেৰে জেকচন গ্ৰাণ্টত কৰম উৎসৱে লাভ কৰিছে এক উৎসৱমুখৰ ৰূপ।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande