
কাৰ্বিআংলং, ২৩ ছেপ্তেম্বৰ (হি.স.)। ডিফুত বিদ্যুৎপৃষ্ঠ হৈ এজন লোক আৰু এটি শিশুৰ মৃত্যু৷
ডিফু বিৰলাৰ নিবাসী মণ্ডল ইংহি আৰু তেওঁলোকৰ ঘৰত থকা আত্মীয় ১১ বছৰীয়া শিশু চুমবি বেপীৰ মৃত্যু হয় বিদ্যুত প্ৰবাহৰ ফলত৷নিৰ্মাণৰত ঘৰৰ লোহা চিৰিত বিদ্যুত প্ৰবাহিত হোৱাৰ ফলতে এই দুৰ্ঘটনা সংঘটিত হয় বুলি জানিব পৰা গৈছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ