কোকৰাঝাৰত চিচিআই ৰ সজাগতামূলক কাৰ্যসূচী
কোকৰাঝাৰ, ২৩ ছেপ্তেম্বৰ (হি.স.)। ভাৰতীয় প্ৰতিযোগিতা আয়োগ (কম্পিটিচন কমিচন অৱ ইণ্ডিয়া– চি চি আই) ৰ উদ্যোগত ৰাজ্যিক সম্পদ ব্যক্তি (ষ্টেট ৰিচোৰ্ছ পাৰ্ছন–এছ আৰ পি ) আঁচনিৰ অধীনত কোকৰাঝাৰ জিলা প্ৰশাসনৰ বাবে বুধবাৰে এক সজাগতামূলক কাৰ্যসূচী অনুষ্ঠিত হয়।
কোকৰাঝাৰত CCIৰ সজাগতামূলক কাৰ্যসূচী


কোকৰাঝাৰত CCIৰ সজাগতামূলক কাৰ্যসূচী


কোকৰাঝাৰ, ২৩ ছেপ্তেম্বৰ (হি.স.)। ভাৰতীয় প্ৰতিযোগিতা আয়োগ (কম্পিটিচন কমিচন অৱ ইণ্ডিয়া– চি চি আই) ৰ উদ্যোগত ৰাজ্যিক সম্পদ ব্যক্তি (ষ্টেট ৰিচোৰ্ছ পাৰ্ছন–এছ আৰ পি ) আঁচনিৰ অধীনত কোকৰাঝাৰ জিলা প্ৰশাসনৰ বাবে বুধবাৰে এক সজাগতামূলক কাৰ্যসূচী অনুষ্ঠিত হয়। কোকৰাঝাৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মিলন কক্ষত অনুষ্ঠিত এই কাৰ্যসূচীৰ মূল উদ্দেশ্য আছিল চৰকাৰী বিষয়াসকলক প্ৰতিযোগিতা আইন, ন্যায্য বজাৰ ব্যৱস্থা আৰু প্ৰতিযোগিতামূলক চৰকাৰী ক্ৰয় প্ৰক্ৰিয়াৰ বিষয়ে সজাগ কৰা।

কাৰ্যসূচীত জিলা আয়ুক্ত পংকজ চক্ৰৱৰ্তীৰ লগতে অতিৰিক্ত জিলা আয়ুক্ত, সহকাৰী আয়ুক্ত, বিভিন্ন বিভাগৰ মুৰব্বী আৰু সংশ্লিষ্ট বিষয়া-কৰ্মচাৰীসকলে অংশগ্ৰহণ কৰে। অৱসৰপ্ৰাপ্ত আৰক্ষী সঞ্চালক প্ৰধান উমেশ কুমাৰে সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰাৰ বিপৰীতে অৱসৰপ্ৰাপ্ত প্ৰশাসনিক বিষয়া তনুজ গোস্বামীয়ে গুৱাহাটীৰ পৰা ভাৰ্চুৱেল মাধ্যমেৰে বিষয়বস্তু উপস্থাপন কৰে।

কাৰ্যসূচীত প্ৰতিযোগিতা আইন, ২০০২ৰ বিভিন্ন দিশ, ভাৰতীয় প্ৰতিযোগিতা আয়োগৰ ক্ষমতা আৰু উদ্দেশ্যৰ বিষয়ে বিস্তৃতভাৱে আলোচনা কৰা হয়। বজাৰত সমান সুযোগ সৃষ্টি কৰাৰ লগতে গ্ৰাহকৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ ক্ষেত্ৰত প্ৰতিযোগিতা আইনৰ গুৰুত্বৰ বিষয়েও বিষয়াসকলক অৱগত কৰা হয়।

বিশেষকৈ চৰকাৰী ক্ৰয় প্ৰক্ৰিয়াত স্বচ্ছতা, প্ৰতিযোগিতামূলক নিবিদা আৰু চৰকাৰী সম্পদৰ দক্ষ ব্যৱহাৰৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়। ইয়াৰ উপৰি টায়াৰ খণ্ডত কাৰ্টেল গঠন, চৰকাৰী ক্ৰয়ত নিবিদা প্ৰক্ৰিয়াত অনিয়ম তথা অটোম’বাইল খণ্ডত প্ৰতিযোগিতা-বিৰোধী কাৰ্যকলাপৰ সৈতে জড়িত বিভিন্ন প্ৰয়োগমূলক গোচৰৰ উদাহৰণ দাঙি ধৰা হয়।

জিলা পৰ্যায়ৰ চৰকাৰী বিষয়াসকলৰ মাজত প্ৰতিযোগিতা আইন মানি চলাৰ বিষয়ে সজাগতা বৃদ্ধি কৰাৰ লগতে চৰকাৰী কাম-কাজত ন্যায্য, স্বচ্ছ আৰু প্ৰতিযোগিতামূলক পদ্ধতি প্ৰচলন কৰাই এই কাৰ্যসূচীৰ মূল লক্ষ্য আছিল।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande