
–বুথ শক্তিশালী কৰাৰ আহ্বান সভাপতি দিলীপ শইকীয়াৰ
–ৰহাত কেবাখনো নিৰ্বাচনী প্ৰচাৰ সভাত মন্ত্ৰী পীযুষ হাজৰিকা
–প্ৰাৰ্থী দেৱাশীষ শৰ্মাৰ প্ৰচাৰ নগাঁও-বটদ্ৰৱা সমষ্টিত
গুৱাহাটী, ২৩ ছেপ্তেম্বৰ (হি.স.)। আগন্তুক নগাঁও লোকসভাৰ উপ-নিৰ্বাচনক কেন্দ্ৰ কৰি শাসকীয় ভাৰতীয় জনতা পাৰ্টিয়ে প্ৰচাৰ ক্ৰমান্বয়ে শক্তিশালী ৰূপ লৈছে৷ সংবাদমাধ্যমলৈ প্ৰেৰিত এক বিবৃতিত দলটোৰ মিডিয়া পেনেলিষ্ট তথা নগাঁও লোকসভাৰ উপ-নিৰ্বাচনৰ সংবাদ বিভাগৰ তদাৰক আৰু সমন্বয়ক দিলীপ কুমাৰ শৰ্মাই কয় যে আজি ৰূপহী সমষ্টিৰ অন্তৰ্গত ৰূপহীহাট মণ্ডলৰ এখন কাৰ্যকৰ্তা সন্মিলনত অংশগ্ৰহণ কৰে দলৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই৷ সভাপতি শইকীয়াই কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে ৰূপায়ন কৰি অহা আঁচনিবোৰ সম্পৰ্কে ৰাইজক অৱগত কৰিবলৈ বুথৰ কাৰ্যকৰ্তা সকলক আহ্বান জনায়।
বুথ শক্তিশালী হ'লেহে দল শক্তিশালী হ'ব আৰু ইয়াৰ প্ৰতিফলন নিৰ্বাচনৰ ফলাফলত ওলাই পৰিব বুলিও সভাপতি শইকীয়াই মন্তব্য কৰে৷ কাৰ্যকৰ্তা সন্মিলনত অন্যান্য সকলৰ লগতে বিধায়ক দিপ্লুৰঞ্জন শৰ্মাও উপস্থিত থাকে৷
একে সময়তে ৰহা বিধান সমষ্টিৰ অন্তৰ্গত ঘাঁহি, কাকমাৰী গাওঁ পঞ্চায়ত আৰু ৰহা নগৰ সমিতিৰ ড° ভূপেন হাজৰিকা মুকলি মঞ্চত তিনিখনকৈ নিৰ্বাচনী সভা অনুষ্ঠিত হয়৷ সভাত মুখ্যবক্তা হিচাপে উপস্থিত থাকি অসম চৰকাৰৰ কৃষি আৰু জলসিঞ্চন বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাই ড° হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ উন্নয়নমূলক কামৰ ব্যাখ্যা ডাঙি ধৰি কয় যে অসমত এতিয়া জিলাই জিলাই মেডিকেল কলেজ আৰু বিশ্ববিদ্যালয় নিৰ্মাণ কৰি উলিওৱা হৈছে, যাতে ছাত্ৰছাত্ৰী সকলে অধ্যয়ন কৰিবলৈ দূৰলৈ যোৱাৰ প্ৰয়োজনীয়তা নাথাকে৷
আজিৰ তাৰিখত অসমত বিশ্ববিদ্যালয়ৰ সংখ্যা ৩৫ খন বুলি উল্লেখ কৰি মন্ত্ৰী হাজৰিকাই কয় যে এই বিশ্ববিদ্যালয়বোৰত নামভৰ্তি কৰিব পৰা আসনৰ সংখ্যা এক লাখতকৈও অধিক৷ ভাষণত প্ৰসংগক্ৰমে মন্ত্ৰী হাজৰিকাই কংগ্ৰেছক ভোট দিলেও কংগ্ৰেছে চৰকাৰ বনাব নোৱাৰে বুলিও বিৰোধী দলটোক কটাক্ষ কৰে৷
ইফালে নগাঁও-বটদ্ৰৱা সমষ্টিৰ ভোটাইপাথৰি মণ্ডলৰ অন্তৰ্গত প্ৰায় দহটা স্থানত আয়োজিত নিৰ্বাচনী সভাত এনডিএ প্ৰাৰ্থী দেৱাশীষ শৰ্মা আৰু সমষ্টিটোৰ বিধায়ক ৰূপক শৰ্মাই অংশগ্ৰহণ কৰি বক্তব্য ৰাখে। সমান্তৰালকৈ অসম প্ৰদেশ ভাৰতীয় জনতা পাৰ্টিৰ সাধাৰণ সম্পাদক পল্লৱ লোচন দাসে মৰিগাঁও বিধানসভা সমষ্টিৰ অন্তৰ্গত ভূৰবন্ধা মণ্ডলত শক্তিকেন্দ্ৰ স্তৰত কেবাখনো সভাত অংশগ্ৰহণ কৰি দলীয় কাৰ্যকৰ্তা সকলক সংগঠন মজবুত কৰিবলৈ আহ্বান জনায়৷ প্ৰণৱজ্যোতি লহকৰে মৰিগাঁও নগৰ আৰু ৰাজ্যিক বিজেপিৰ সম্পাদক ৰাতুল শৰ্মাই লাহৰিঘাট সমষ্টিৰ বিভিন্ন স্হানত অনুষ্ঠিত প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে।
ইয়াৰ পূৰ্বে আজি ৰতিপুৱাৰ ভাগত ভাৰতীয় জনতা পাৰ্টিৰ নগাঁও জিলা কাৰ্যালয়ত নিৰ্বাচন প্ৰচাৰ কমিটিৰ এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হৈ যায়৷ নিৰ্বাচনী প্ৰচাৰৰ ৰণনীতি প্ৰস্তুত কৰিবলৈ অনুষ্ঠিত বৈঠকখনত অসম প্ৰদেশ বিজেপিৰ সভাপতি দিলীপ শইকীয়া, সাংগঠনিক সাধাৰণ সম্পাদক ৰবীন্দ্ৰ ৰাজু, প্ৰচাৰ সমিতিৰ অধ্যক্ষ বিধায়ক প্ৰদ্যুত বৰদলৈ, বিধায়ক দীপ্লুৰঞ্জন শৰ্মা, সাধাৰণ সম্পাদক অনুপ বৰ্মন, সম্পাদক অভিজত নাথ আৰু দলৰ সংখ্যালঘু মৰ্চাৰ সভাপতি শান্তিয়াজ কুজুৰ উপস্থিত থাকে৷ সভাত নিৰ্বাচনী প্ৰচাৰ কমিটিৰ সদস্যসকলো উপস্থিত থাকে৷
হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী