নগৰবেৰাৰ টুপামাৰীত চৰকাৰী চিকিৎসালয়ত অগ্নিকাণ্ডৰ ঘটনা
কামৰূপ, ১৮ ছেপ্টেম্বৰ (হি.স.)l নগৰবেৰাৰ টুপামাৰীত চৰকাৰী চিকিৎসালয়ত অগ্নিকাণ্ডৰ ঘটনা। টুপামাৰী ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত সংঘটিত হৈছে এক অগ্নিকাণ্ডৰ ঘটনা।স্বাস্থ্য কেন্দ্ৰটোৰ প্ৰসৱ কক্ষত জুইৰ সূত্ৰপাত হয়।
নগৰবেৰাৰ টুপামাৰীত চৰকাৰী চিকিৎসালয়ত অগ্নিকাণ্ডৰ ঘটনা


কামৰূপ, ১৮ ছেপ্টেম্বৰ (হি.স.)l নগৰবেৰাৰ টুপামাৰীত চৰকাৰী চিকিৎসালয়ত অগ্নিকাণ্ডৰ ঘটনা। টুপামাৰী ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত সংঘটিত হৈছে এক অগ্নিকাণ্ডৰ ঘটনা।স্বাস্থ্য কেন্দ্ৰটোৰ প্ৰসৱ কক্ষত জুইৰ সূত্ৰপাত হয়। জুইৰ সূত্ৰপাত হোৱাৰ লগে লগেই একাংশই প্ৰত্যক্ষ কৰি চিঞৰ বাখৰ কৰে।পাছত ৰাইজৰ প্ৰচেষ্টাত জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয়। বৈদ্যুতিক শ্বৰ্টছাৰ্কিটৰ ফলতেই সংঘটিত হয় এই অগ্নিকাণ্ডৰ ঘটনা।এই অগ্নিকাণ্ডত বৰ বিশেষ ক্ষয়-ক্ষতি হোৱা নাই যদিও প্ৰসৱ কক্ষৰ চিলিং, আজবাব আদিৰ ক্ষতিসাধন হোৱা বুলি জানিব পৰা গৈছে। ইপিনে অগ্নিকাণ্ডৰ সময়তে এগৰাকী গৰ্ভৱতী মহিলা স্বাস্থ্য কেন্দ্ৰটোলৈ আহে গৰ্ভপাত কৰাবলৈ।তেনেতে চিকিৎসালয় চৌহদতে ই-ৰিক্সাত সন্তান প্ৰসৱ কৰে আইমনা খাতুন নামৰ মহিলা গৰাকী।এই ঘটনাই সমগ্ৰ অঞ্চলটোতে চাঞ্চল্যৰ সৃষ্টি হৈছে।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande