
মৰিগাঁও, ১৮ ছেপ্তেম্বৰ (হি.স.): “আমাৰ প্ৰধানমন্ত্ৰী এশ বছৰ জীয়াই থাকক, দেশৰ হৈ আৰু অধিক কাম কৰক, দেশৰ উন্নতিৰ ধাৰা অধিক আগুৱাই লৈ যাওক”— এই কামনাৰে মৈৰাবাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন উদযাপন কৰা হয় । মৈৰাবাৰী মণ্ডল বিজেপিৰ উদ্যোগত কালি মন্দিৰ প্ৰাঙ্গণত যোৱা কালি বৃহস্পতিবাৰে সন্ধিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন উপলক্ষে এক বিশেষ কাৰ্যসূচী অনুষ্ঠিত হয়। এই উপলক্ষে স্থানীয় মহিলা সকলে চাকি জ্বলাই প্ৰধানমন্ত্ৰীগৰাকীৰ জন্মদিন উদযাপন কৰাৰ লগতে তেওঁৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰে।
সংখ্যালঘু অধ্যুষিত মৈৰাবাৰী অঞ্চলতো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বিজেপিৰ প্ৰতি জনসাধাৰণৰ সমৰ্থন বৃদ্ধি পাইছে বুলি অনুষ্ঠানত উপস্থিত বিজেপি কৰ্মী-সমৰ্থকসকলে উল্লেখ কৰে। প্ৰধানমন্ত্ৰীগৰাকীৰ নেতৃত্বত দেশৰ উন্নয়নমূলক কাম-কাজ অব্যাহত থকাৰ কামনা কৰি উপস্থিতসকলে তেওঁৰ জন্মদিনত শুভেচ্ছা জ্ঞাপন কৰে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ