মানকাচাৰৰ ঢালুৱামাৰীত ব্ৰহ্মপুত্ৰ নদীত সন্ধানহীন ছাত্ৰীৰ মৃতদেহ উদ্ধাৰ
মানিকাচৰ, ১৮ ছেপ্তেম্বৰ (হি.স.)। নদীত সন্ধানহীন হোৱা ছাত্ৰীৰ মৃতদেহ উদ্ধাৰ। হাজিৰহাটৰ ঢালুৱামাৰীত ব্ৰহ্মপুত্ৰ নদীত সন্ধানহীন হোৱা ১৪ বছৰীয়া ছাত্ৰী গৰাকীৰ অৱশেষত মৃতদেহ উদ্ধাৰ কৰা হৈছে। উল্লেখ্য যে, বুধবাৰে সমনীয়াৰ সৈতে নদীত গা ধুবলৈ গৈ ব্ৰহ্মপুত্ৰৰ
মানকাচাৰৰ ঢালুৱামাৰীত ব্ৰহ্মপুত্ৰ নদীত সন্ধানহীন ছাত্ৰীৰ মৃতদেহ উদ্ধাৰ


মানিকাচৰ, ১৮ ছেপ্তেম্বৰ (হি.স.)। নদীত সন্ধানহীন হোৱা ছাত্ৰীৰ মৃতদেহ উদ্ধাৰ। হাজিৰহাটৰ ঢালুৱামাৰীত ব্ৰহ্মপুত্ৰ নদীত সন্ধানহীন হোৱা ১৪ বছৰীয়া ছাত্ৰী গৰাকীৰ অৱশেষত মৃতদেহ উদ্ধাৰ কৰা হৈছে। উল্লেখ্য যে, বুধবাৰে সমনীয়াৰ সৈতে নদীত গা ধুবলৈ গৈ ব্ৰহ্মপুত্ৰৰ বুকুত সন্ধানহীন হৈছিল ছাত্ৰী গৰাকী। ঘটনাৰ পিছৰে পৰা স্থানীয় ৰাইজৰ সহযোগত আৰক্ষী আৰু এছডিআৰএফ বাহিনীয়ে ধাৰাবাহিক ভাৱে দুদিন ধৰি উদ্ধাৰ অভিযান চলাইছিল যদিও সন্ধান পোৱা নাছিল।

আজি পুৱা প্ৰায় ৭ বজাত নদীত ওপঙি থকা অৱস্থাত স্থানীয় ৰাইজে মৃতদেহটো প্ৰত্যক্ষ কৰে। ইয়াৰ পিছতে পৰিয়ালক খবৰ দিয়াৰ লগতে স্থানীয় ৰাইজৰ সহযোগত মৃতদেহটো উদ্ধাৰ কৰা হয়। মৃত ছাত্ৰীগৰাকী সুখচৰ থানাৰ অন্তৰ্গত ছোট বজৰা গাঁৱৰ শ্বহিদুৰ ৰহমানৰ কন্যা শ্বাৰ্মিনা খাতুন (১৪) বুলি জানিব পৰা গৈছে। মৰ্মান্তিক ঘটনাটোক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলজুৰি শোক আৰু চাঞ্চল্যৰ সৃষ্টি হৈছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande