
শোণিতপুৰ, ১৬ ছেপ্টেম্বৰ (হি.স.) । শোণিতপুৰ জিলাত আগন্তুক সেৱা সংকল্প অভিযান ৰূপায়ণৰ বাবে আজি জিলা আয়ুক্ত কাৰ্যালয়ৰ ১নং সভাকক্ষত শোণিতপুৰ জিলাৰ জিলা আয়ুক্ত, আনন্দ কুমাৰ দাসৰ সভাপতিত্বত জিলা পৰ্যায়ৰ এখন প্ৰস্তুতিমূলক সভা অনুষ্ঠিত হয়। সভাত জিলা উন্নয়ন আয়ুক্ত সঞ্জীৱ কুমাৰ শৰ্মা, অতিৰিক্ত জিলা আয়ুক্ত ডাঃ ময়ুৰ পঙ্খী বৰা, সহকাৰী আয়ুক্তসকল, পৌৰসভাসমূহৰ কাৰ্যবাহী বিষয়া সকল, খণ্ড উন্নয়ন বিষয়াসকল, বিভিন্ন বিভাগৰ মুৰব্বী আৰু অন্যান্য সংশ্লিষ্ট বিষয়াসকল উপস্থিত থাকে।
সভাত অসম চৰকাৰে জাৰি কৰা নিৰ্দেশনা অনুসৰি ১৭ ছেপ্টেম্বৰ, ২০২৬ তাৰিখৰ পৰা ১৭ অক্টোবৰ, ২০২৬ তাৰিখলৈ মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ ২৫ বছৰীয়া জনসেৱাৰ যাত্ৰাক উদযাপন কৰি এই মাহজোৰা সেৱা সংকল্প অভিযানৰ প্ৰস্তুতি আৰু বিভাগীয় কাৰ্যপৰিকল্পনাসমূহ পৰ্যালোচনা কৰা হয়। এই অভিযানত ৰাজহুৱা সেৱা প্ৰদান, নাগৰিককেন্দ্ৰিক শাসন ব্যৱস্থা, কল্যাণমূলক সেৱাৰ প্ৰসাৰ আৰু চৰকাৰী সেৱাসমূহ অন্তিম গৰাকী যোগ্য হিতাধিকাৰীক ফলপ্ৰসূভাবে প্ৰদানৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয় ।
এই অভিযানৰ অধীনত এটা গুৰুত্বপূৰ্ণ কাৰ্যসূচী হ’ল আশীৰ্বাদৰ এগছি বন্তি”, যি ১৭ ছেপ্টেম্বৰৰ সন্ধিয়া ৭:০০ বজাত পালন কৰা হ’ব।
এই কাৰ্যসূচীৰ অংশ হিচাপে বিভিন্ন চৰকাৰী আঁচনিৰ হিতাধিকাৰীসকলে কৃতজ্ঞতা আৰু জনআশীৰ্বাদৰ প্ৰতীক হিচাপে নিজ নিজ ঘৰত বন্তি প্ৰজ্বলন কৰিব। এই কাৰ্যসূচীত অৰুণোদয়, পিএমএওৱাই (গ্ৰামীণ আৰু নগৰীয়া) আৰু ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলৰ লগতে আত্মসহায়ক গোটৰ (SHG) সদস্যসকলৰ অংশগ্ৰহণ থাকিব। আশীৰ্বাদৰ এগছি বন্তি'ৰ অংশ হিচাপে সকলো সূলভ মূল্যৰ দোকানৰ অধীনত সামৰি লোৱা এন এফ এছ এ হিতাধিকাৰীসকল, লগতে প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাৰ অধীনৰ সকলো এলপিজি বিতৰক আৰু হিতাধিকাৰীসকলক ১৭ ছেপ্টেম্বৰ, ২০২৬ তাৰিখে সন্ধিয়া ৭:০০ বজাত অনুষ্ঠিত হ’বলগীয়া বন্তি-প্ৰজ্বলন কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনোৱা হৈছে । জিলাখনৰ সকলো চৰকাৰী কাৰ্যালয় আৰু প্ৰতিষ্ঠানেও এই উপলক্ষে নিজ নিজ কাৰ্যালয়ত বন্তি প্ৰজ্বলন কৰিব ।
সামূহিক পালনৰ অংশ হিচাপে অৰুণোদয় আৰু পিএমএওৱাই' ৰ হিতাধিকাৰী সকলক নিজ নিজ ঘৰত বন্তি প্ৰজ্বলন কৰিবলৈ আহ্বান জনোৱা হৈছে।
সভাত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ, কৃষি, পৰ্যটন, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, জনস্বাস্থ্য কাৰিকৰী, ক্ৰীড়া আৰু যুৱ কল্যাণ আৰু শিক্ষা আদি বিভাগে জিলাখনত আয়োজন কৰিবলগীয়া বিভিন্ন কাৰ্যসূচীৰ লগতে সেৱা সংকল্প অভিযান আৰু স্বচ্ছতা হি সেৱা অভিযান ২০২৬ৰ অধীনত গ্ৰহণ কৰিবলগীয়া কাৰ্যসূচী সমূহৰো পৰ্যালোচনা কৰা হয়। দুয়োটা অভিযানেই ১৭ ছেপ্টেম্বৰৰ পৰা ১৭ অক্টোবৰ, ২০২৬লৈ অব্যাহত থাকিব।
“সেৱা মেৰা যোগদান” কাৰ্যসূচীৰ অধীনত পৰিষ্কাৰ-পৰিচ্ছন্নতা অভিযান, বৃক্ষৰোপণ, স্বাস্থ্য পৰীক্ষা শিবিৰ, প্লাষ্টিকমুক্ত সজাগতা, মহিলাৰ স্বাস্থ্য আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতা সম্পৰ্কীয় কাৰ্যসূচী, পথ সুৰক্ষা সজাগতা, পানী সংৰক্ষণ, আৱৰ্জনা পৃথকীকৰণ আৰু পচন সাৰ প্ৰস্তুতি, চাইবাৰ-নিৰাপত্তা সজাগতা, ফিট ইণ্ডিয়া কাৰ্যসূচী আৰু চৰকাৰী আঁচনিৰ বিষয়ে সজাগতা আদি ৰাইজৰ অংশগ্ৰহণমূলক বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰা হ’ব।
সভাত “সেৱা কি কাহিনীৰ” বিষয়েও আলোচনা কৰা হয়। ইয়াৰ জৰিয়তে অৰুণোদয়, পিএমএওৱাই, এছএইচজি আৰু মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানৰ দৰে গুৰুত্বপূৰ্ণ চৰকাৰী ধ্বজাবাহী আঁচনিসমূহৰ প্ৰভাৱৰ ওপৰত আলোকপাত কৰা হিতাধিকাৰী সকলৰ কাহিনী ফটো, ভিডিঅ’ আৰু ৰীলছৰ জৰিয়তে সংগ্ৰহ কৰি চৰকাৰী ছ’চিয়েল মিডিয়া প্লেটফৰ্ম সমূহৰ জৰিয়তে প্ৰচাৰ কৰা হ’ব।
অহা
৭ অক্টোবৰ, ২০২৬ তাৰিখে অনুষ্ঠিত হ’বলগীয়া “সেৱা জ্যোতি কলশ যাত্ৰা – বিকশিত ভাৰত কা সংকল্প”ৰ বাবেও প্ৰস্তুতিৰ পৰ্যালোচনা কৰা হয়। মাহজোৰা এই পালনৰ অংশ হিচাপে সজাগতামূলক বাটৰ নাট, স্বাস্থ্য শিবিৰ, ক্ৰীড়া প্ৰতিযোগিতা আৰু যুৱক-যুৱতীসকলৰ মাজত বিভিন্ন প্ৰতিযোগিতা আদিও অনুষ্ঠিত হ’ব।
জিলা আয়ুক্ত গৰাকীয়ে সংশ্লিষ্ট সকলো বিভাগ আৰু ক্ষেত্ৰ পৰ্যায়ৰ বিষয়ববীয়াসকলক সমন্বয়, সময়মতে ৰূপায়ণ আৰু কাৰ্যসূচী সমূহত ৰাইজৰ সৰ্বাধিক অংশগ্ৰহণ নিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়ে। তেওঁ কাৰ্যসূচী সমূহৰ সঠিক উপস্থাপনৰ লগতে চৰকাৰী আঁচনি আৰু সেৱা সমূহৰ সুবিধা যাতে উদ্দেশ্য প্ৰণোদিতভাৱে যোগ্য হিতাধিকাৰীসকলে ফলপ্ৰসূভাৱে লাভ কৰে, সেইটো নিশ্চিত কৰাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে।
হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ