
নতুন দিল্লী, ১৬ ছেপ্টেম্বৰ (হি.স.)। কেন্দ্ৰীয় চৰকাৰে কেন্দ্ৰীয় চলচ্চিত্ৰ প্ৰমাণীকৰণ ব’ৰ্ড (চিবিএফচি) পুনৰ গঠন কৰিছে। বুধবাৰে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে জাৰি কৰা এক অধিসূচনা অনুসৰি, নতুন ব’ৰ্ডখন তৎক্ষণাত তিনি বছৰৰ বাবে বা পৰৱৰ্তী আদেশ নোহোৱালৈকে কাৰ্যকৰী হ’ব, যিটো আগতীয়া হ’ব।
নতুন ব’ৰ্ডত ছবি আৰু শিল্প জগতৰ ১৮ জন সদস্য আছে। ইয়াৰ ভিতৰত অভিনেতা মনোজ যোশী, সুনীল শেট্টী, প্ৰীতি জিন্তা, পংকজ ত্ৰিপাঠী, ৰূপালী গাংগুলী, পল্লৱ যোশী, প্ৰসেনজিৎ চেটাৰ্জী, প্ৰিয়দৰ্শনকে ধৰি বিশিষ্ট নাম।
মন্ত্ৰালয়ে উল্লেখ কৰিছে যে ১৮ জনীয়া ব’ৰ্ডৰ ভিতৰত আছে:
অভিনেতা বিনোদ অনুপম, মনোজ যোশী, অভিষেক জৈন, ৰিকি কেজ, প্ৰিয়দৰ্শন, সুনীল শেট্টী, হন্সৰাজ হান্স,
সুপ্ৰিয়া য়াৰলাগড্ডা, যতীন্দ্ৰ মিশ্ৰ, ৰূপালী গাংগুলী, প্ৰীতি জিন্তা, নীলা মাধব পাণ্ডা, পংকজ ত্ৰিপাঠী, প্ৰসেনজিৎ চেটাৰ্জী, পল্লৱ যোশী, নিশিগন্ধা ৱাদ, বামন কেন্দ্ৰ, ৰমেশ পতংগে।
চৰকাৰে চিনেমাট’গ্ৰাফ আইন, ১৯৫২ৰ ধাৰা ৩(১) আৰু চিনেমাট’গ্ৰাফ (প্ৰমাণীকৰণ) নিয়ম, ২০২৪ৰ নিয়ম ৩ৰ অধীনত এই পুনৰ্গঠন কৰিছে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া