
চিৰাং, ১৬ ছেপ্টেম্বৰ (হি.স.): আগন্তুক বিটিচিৰ পৰিষদীয় উপ নিৰ্বাচন আৰু বিটিচি প্ৰশাসনৰ নতুন ভূমি নীতিৰ সন্দৰ্ভত গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হয় ইউপিপিএল প্ৰধান তথা প্ৰাক্তন বিটিচি প্ৰধান প্ৰমোদ বড়োৱে । আগন্তুক বিটিচিৰ পৰিষদীয় উপ নিৰ্বাচনত তিনিটা সমষ্টি ইউপিপিএল দলে দখল কৰিব বুলি মন্তব্য কৰে জয়ন্ত বসুমতাৰীয়ে ।
বিটিচিত হাগ্ৰামা মহিলাৰীৰ প্ৰশাসনৰ ভূমিৰ নতুন নীতিৰ তীব্ৰ বিৰোধিতা কৰে প্ৰমোদ বড়ো আৰু সাংসদ জয়ন্ত বসুমতাৰীয়ে । তেওঁ লগতে কয় হাগ্ৰামা মহিলাৰীয়ে পাঁচ গেৰেন্টী দিছিল যদিও এক বছৰত এটাও কাম কৰা নাই । ওলোটাই মাটি পট্টা প্ৰদান নামত হাজাৰ হাজাৰ টকা ক'ৰ সংগ্ৰহৰ সিদ্ধান্ত লৈছে। এই ভূমি নীতিৰ বিৰুদ্ধে বিটিচিৰ সকলো লোকক ওলাই আহিব লাগে বুলি মন্তব্য কৰে সাংসদ জয়ন্ত বসুমতাৰীয়ে। আনহাতে, হাগ্ৰামা মহিলাৰীয়ে বিটিচিত অনা নতুন ভুমি নীতিৰ তীব্ৰ সমালোচনা কৰি প্ৰমোদ বড়োৱে কয় যে, হাগ্ৰামা মহিলাৰীয়ে ডিজিটাইজ পদ্ধতিৰ বিষয়ে জানে নে নাই মই নাজানো ৷ হাগ্ৰামাই পুৰ্বতে বিটিচিৰ সমস্যাৰ ক্ষেত্ৰত কেতিয়াও মাত মতা নাছিল ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ