আইচিচি ৰেংকিং: টি-২০ত বৰুণ পঞ্চম স্থানলৈ উন্নীত, বুমৰাহ শীৰ্ষ দহত প্ৰৱেশ; টেষ্টত তৃতীয় স্থানলৈ উন্নীত অলি ৰবিনছন
ডুবাই, ১৬ ছেপ্টেম্বৰ (হি.স.)। আইচিচিৰ শেহতীয়া ৰেংকিঙত আফগানিস্তানৰ বিৰুদ্ধে চলি থকা টি-২০ শৃংখলাত ভাৰতীয় খেলুৱৈসকলে তেওঁলোকৰ আকৰ্ষণীয় প্ৰদৰ্শনৰ পৰা লাভৱান হৈছে। স্পিনাৰ বৰুণ চক্ৰৱৰ্তীয়ে দুটা স্থান জঁপিয়াই পঞ্চম স্থান দখল কৰাৰ বিপৰীতে বেগী বলাৰ
भारतीय गेंदबाज वरुण चक्रवर्ती


ডুবাই, ১৬ ছেপ্টেম্বৰ (হি.স.)। আইচিচিৰ শেহতীয়া ৰেংকিঙত আফগানিস্তানৰ বিৰুদ্ধে চলি থকা টি-২০ শৃংখলাত ভাৰতীয় খেলুৱৈসকলে তেওঁলোকৰ আকৰ্ষণীয় প্ৰদৰ্শনৰ পৰা লাভৱান হৈছে। স্পিনাৰ বৰুণ চক্ৰৱৰ্তীয়ে দুটা স্থান জঁপিয়াই পঞ্চম স্থান দখল কৰাৰ বিপৰীতে বেগী বলাৰ যশপ্ৰীত বুমৰাহে ৭ স্থান আৰোহণ কৰি শীৰ্ষ দহটা স্থানত প্ৰৱেশ কৰিছে।

দিল্লীত অনুষ্ঠিত দ্বিতীয়খন খেলৰ পাছতে আফগানিস্তানৰ বিৰুদ্ধে তিনিখন খেলৰ শৃংখলাত ২-০ ব্যৱধানত অপ্ৰতিৰোধ্য অগ্ৰগতি লাভ কৰিছে বিশ্বকাপ চেম্পিয়ন ভাৰতে। শৃংখলাৰ প্ৰথম দুখন মেচত ভাৰতীয় খেলুৱৈসকলে বেট আৰু বল দুয়োটাৰে ফলপ্ৰসূ প্ৰদৰ্শন আগবঢ়াইছে।

টি-২০ বলাৰ ৰেংকিঙত বৰুণ চক্ৰৱৰ্তীয়ে দুটা স্থান বৃদ্ধি পাই পঞ্চম স্থান, যশপ্ৰীত বুমৰাহ ৭ স্থান বৃদ্ধি পাই দশম স্থান, আৰ্শদীপ সিঙে ১১ স্থান জপিয়াই ১৪, আৰু অক্ষৰ পেটেলে ৬ স্থান বৃদ্ধি পাই ২৭ নম্বৰ স্থান লাভ কৰিছে।

টি-২০ বেটছমেনৰ ৰেংকিঙত অভিষেক শৰ্মাইও লাভৱান হৈছে। আফগানিস্তানৰ বিৰুদ্ধে প্ৰথমখন খেলত ৮২ ৰানৰ ফোহা ইনিংছ খেলা অভিষেকে পাকিস্তানৰ চাহিবজাদা ফাৰহানক অতিক্ৰম কৰি এক স্থান বৃদ্ধি কৰি দ্বিতীয় স্থানলৈ আগবাঢ়িছে।

অভিষেকতকৈ এতিয়া আগবাঢ়ি আছে কেৱল ঈশান কিষাণ। ভাৰতীয় বেটছমেন দুজনৰ মাজত পাৰ্থক্য ৫১ ৰেটিং পইণ্ট। ইফালে দ্বিতীয়খন মেচত অৰ্ধশতক অৰ্জন কৰা সঞ্জু চেমছনে চাৰিটা স্থান বৃদ্ধি কৰি ৩০ নম্বৰ স্থানত উপনীত হৈছে।

আফগানিস্তানৰ হৈ অল ৰাউণ্ডাৰ ৰেংকিঙতো অগ্ৰগতি লাভ কৰিছে আজমাতুল্লাহ উমৰজাই। শৃংখলাৰ প্ৰথমখন খেলত অপৰাজিত অৰ্ধশতক অৰ্জন কৰে ২৬ বছৰীয়া উমৰজাই।

এদিনীয়া ৰেংকিঙত অষ্ট্ৰেলিয়াৰ খেলুৱৈৰ লাভ:

জিম্বাবুৱেৰ বিৰুদ্ধে শৃংখলাৰ প্ৰথমখন মেচত ৫৯ ৰানৰ জয়ৰ পিছত তিনিগৰাকী অষ্ট্ৰেলিয়ান খেলুৱৈয়ে এদিনীয়া ৰেংকিঙত অৰ্জন কৰিছে। ৫টা উইকেট দখল কৰি বেগী বলাৰ নাথান এলিছে ২০ স্থান বৃদ্ধি কৰি বলাৰৰ তালিকাত ২০ নম্বৰ স্থানত উপনীত হৈছে।

মেচখনত ১০৯ ৰানৰ উজ্জ্বল ইনিংছ খেলি মেচ অৱ দ্য মেচৰ খেলুৱৈ হিচাপে নিৰ্বাচিত হোৱা মেথিউ ৰেনশ্ব’ৱেও ৰেংকিঙত যথেষ্ট উন্নতি সাধন কৰি শীৰ্ষ ১০০ৰ বাহিৰৰ স্থানৰ পৰা ৬৮ নম্বৰ স্থানলৈ জপিয়াই পৰে।

জিম্বাবুৱেৰ বিৰুদ্ধে তিনি নম্বৰ স্থানত বেটিং কৰি ৫১ ৰান সংগ্ৰহ কৰা কুপাৰ কনলিয়ে ৯ স্থান বৃদ্ধি কৰি ৭৭ নম্বৰ স্থানত উপনীত হৈছে।

টেষ্ট ৰেংকিঙত অলি ৰবিনছনৰ কেৰিয়াৰৰ শ্ৰেষ্ঠ :

ইংলেণ্ডৰ বেষ্ট বলাৰ অলি ৰবিনছনে টেষ্ট ৰেংকিঙত কেৰিয়াৰৰ শ্ৰেষ্ঠ ৰেটিং লাভ কৰিছে। ঘৰুৱা ক্ষেত্ৰত পাকিস্তানৰ বিৰুদ্ধে তিনিখন টেষ্ট শৃংখলাত ২১টা উইকেট দখল কৰাৰ পাছত ৰবিনছনে টেষ্ট বলাৰৰ তালিকাত দুটা স্থান উন্নীত হৈ তৃতীয় স্থান লাভ কৰিছে।

ইংলেণ্ডৰ জোছ টংগুৱেও দুটা স্থান লাভ কৰি ১১ নম্বৰ স্থান লাভ কৰিছে। পাকিস্তানৰ বিৰুদ্ধে এই শৃংখলাত ১৯টা উইকেট দখল কৰিছিল, যিটো তেওঁৰ কেৰিয়াৰৰ নতুন শ্ৰেষ্ঠ ৰেংকিং।

বাৰ্মিংহামত খেলা তৃতীয়খন টেষ্টতো অলি ৰবিনছনে অৰ্ধশতক অৰ্জন কৰে। ইয়াৰ পিছতে তেওঁ টেষ্ট অল ৰাউণ্ডাৰ ৰেংকিঙত ৭টা স্থান বৃদ্ধি কৰি ১৩ নম্বৰ স্থান লাভ কৰিছে।

পাকিস্তানৰ হৈ টেষ্ট বেটছমেনৰ ৰেংকিঙত অধিনায়ক বাবৰ আজমে দুটা স্থান আগুৱাই ১৩ নম্বৰ স্থানত উপনীত হৈছে আৰু শ্বান মাছুদে চাৰিটা স্থান আগুৱাই ৩৭ নম্বৰ স্থান লাভ কৰিছে। ইংলেণ্ডৰ উইকেটকীপাৰ বেটছমেন জেমী স্মিথেও তিনিটা স্থান বৃদ্ধি কৰি ২০ নম্বৰ স্থানত উপনীত হৈছে। তৃতীয় টেষ্টৰ প্ৰথম ইনিংছত তেওঁ অৰ্ধশতক অৰ্জন কৰে।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande