
নতুন দিল্লী, ১৬ ছেপ্টেম্বৰ (হি.স.)। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৭৬ সংখ্যক জন্মদিন আৰু ৰাজহুৱা জীৱনৰ ২৫ বছৰ সম্পূৰ্ণ হোৱাৰ উপলক্ষে ভাৰতীয় জনতা পাৰ্টিয়ে সেৱা সংকল্প অভিযানৰ অংশ হিচাপে বদনগৰৰ পৰা বাৰাণসী আৰু বাৰাণসীৰ পৰা বদনগৰলৈ বাইক যাত্ৰাৰ আয়োজন কৰিছে। দুয়োখন যাত্ৰা ১৭ ছেপ্টেম্বৰৰ পুৱা ৯:৩০ বজাৰ পৰা একেলগে আৰম্ভ হ’ব আৰু ৭ অক্টোবৰত সমাপ্ত হ’ব।
বিজেপিৰ মতে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মস্থান বদনগৰ আৰু তেওঁৰ কৰ্মস্থলী বাৰাণসীক সংযোগ কৰি দুয়ো দিশতে এই অভিযান চলোৱা হ’ব। আয়োজকসকলৰ মতে, উদ্দেশ্য হৈছে যুৱক-যুৱতীসকলক সেৱা, সামাজিক দায়বদ্ধতা আৰু জাতি গঠনৰ সৈতে সংযোগ কৰা।
যাত্ৰা সন্দৰ্ভত উপলব্ধ সবিশেষ অনুসৰি প্ৰায় ১০০০ যুৱকে অংশগ্ৰহণ কৰিব। দুয়ো দিশৰ যাত্ৰাসমূহে ১০খন ৰাজ্যৰ ১৯৩খন জিলা আৰু ১১৫৯খন গাঁও অতিক্ৰম কৰিব। এই সময়ছোৱাত বাইকাৰসকলে প্ৰায় ৪০ হাজাৰ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰাৰ সম্ভাৱনা আছে।
যাত্ৰাৰ সময়ত সমাজ সেৱাৰ কাৰ্যসূচীও পৰিকল্পনা কৰা হয়। ইয়াৰ ভিতৰত বৃক্ষৰোপণ, পৰিষ্কাৰ-পৰিচ্ছন্নতা, পানী সংৰক্ষণ, ড্ৰাগছ নিচা, টিবিমুক্ত ভাৰত আদি বিষয়ৰ ওপৰত জনজাগৰণ কাৰ্যসূচী।
বদনগৰৰ পৰা বাৰাণসীলৈ যাত্ৰাৰ উদ্বোধনী অনুষ্ঠানত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, গুজৰাটৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেল, বিজেপিৰ ৰাজ্যিক সভাপতি জগদীশ বিশ্বকৰ্মা, গুজৰাটৰ উপ-মুখ্যমন্ত্ৰী হৰ্ষ সংঘৱী, মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী একনাথ শিণ্ডে, আৰু কেন্দ্ৰীয় মন্ত্ৰী অনুপ্ৰিয়া পেটেলৰ লগতে কেইবাজনো জ্যেষ্ঠ নেতা উপস্থিত থাকিব।
বাৰাণসীৰ পৰা বদনগৰলৈ যাত্ৰাৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকিব প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ লগতে অন্যান্য জ্যেষ্ঠ নেতা।
এই যাত্ৰাৰ এটা বিশেষ বৈশিষ্ট্য হ’ল দুয়োখন যাত্ৰা একেদিনাই বিপৰীত দিশৰ পৰা আৰম্ভ হ’ব। এটা যাত্ৰা বদনগৰৰ পৰা বাৰাণসী, আৰু আনটো বাৰাণসীৰ পৰা বদনগৰলৈ যাব। এই অভিযানে প্ৰতীকীভাৱে প্ৰধানমন্ত্ৰী মোদীৰ সৈতে জড়িত দুটা বিশিষ্ট স্থানক সংযোগ কৰিছে।
ভ্ৰমণৰ সময়ত বিভিন্ন ক্ষেত্ৰত সেৱা আৰু জনসাধাৰণৰ অংশগ্ৰহণ সম্পৰ্কীয় কাৰ্যসূচীৰ পৰিকল্পনা কৰা হয়। উদ্যোক্তাসকলৰ মতে, প্ৰধানমন্ত্ৰী মোদীৰ ২৫ বছৰীয়া জনজীৱনত সন্নিৱিষ্ট সেৱা আৰু জাতি-নিৰ্মাণৰ বাৰ্তা যুৱক-যুৱতীসকলৰ মাজলৈ প্ৰেৰণ কৰাৰ প্ৰয়াস কৰা হ’ব।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া