
শিৱসাগৰ, ১৬ ছেপ্তেম্বৰ (হি.স.)। শিৱসাগৰৰ ফুকন নগৰ অঞ্চলত অচেতন অৱস্থাত এজন যুৱকক উদ্ধাৰ ৷ফুকন নগৰৰ নিৱাসী এজন ব্যক্তিৰ বাসগৃহৰ সন্মুখৰ পৰা অচেতন যুৱকজনক উদ্ধাৰ ৷
যুৱকজনৰ হাতৰ পৰা ৮ টা খালি টেবলেটৰ ফাইল উদ্ধাৰ ৷যুৱকজনৰ পকেটত পোৱা এখন পত্ৰৰ পৰা যুৱকজনৰ নাম শুভ্ৰজিত বুলি সন্দেহ কৰা হৈছে ৷
অচেতন অৱস্থাতেই ১০৮ জৰুৰী সেৱাৰ যোগেদি যুৱকজনক শিৱসাগৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ৷ঘটনাস্থলীত সদৰ আৰক্ষীৰ দল উপস্থিত ।এতিয়াও অচিনাক্ত যুৱকজনৰ চেতনা ঘুৰি অহা নাই ৷
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ