পশ্চিমবংগৰ আৰক্ষীয়ে অসম- বংগ সীমান্তত কয়লা বোঝাই ট্রাক আবদ্ধ কৰি ৰখাত শ্ৰীৰামপুৰত যানজঁট
কোকৰাঝাৰ , ১৬ ছেপ্তেম্বৰ (হি.স.)। অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ পৰা কয়লা পৰিবাহী গাড়ী যোৱা চাৰি পাঁচ দিন ধৰি পশ্চিমবংগৰ আৰক্ষীয়ে বংগ সীমান্তত আটক কৰি ৰাখিছে। যাৰফলত অসম-বংগ সীমান্তৰ শ্ৰীৰামপুৰত কালি নিশাৰ পৰাই তীব্ৰ যানজঁটৰ সৃষ্টি হৈছে। জানিব পৰা
পশ্চিমবংগৰ আৰক্ষীয়ে অসম- বংগ সীমান্তত কয়লা বোঝাই ট্রাক আবদ্ধ কৰি ৰখাত শ্ৰীৰামপুৰত যানজঁট


কোকৰাঝাৰ , ১৬ ছেপ্তেম্বৰ (হি.স.)। অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ পৰা কয়লা পৰিবাহী গাড়ী যোৱা চাৰি পাঁচ দিন ধৰি পশ্চিমবংগৰ আৰক্ষীয়ে বংগ সীমান্তত আটক কৰি ৰাখিছে। যাৰফলত অসম-বংগ সীমান্তৰ শ্ৰীৰামপুৰত কালি নিশাৰ পৰাই তীব্ৰ যানজঁটৰ সৃষ্টি হৈছে।

জানিব পৰা মতে কয়লা কঢ়িয়াই অনা বাহনক বংগ আৰক্ষীয়ে চাৰি পাঁচ দিন ধৰি ৰাষ্ট্ৰীয় ঘাইপথত আটক কৰি ৰখাৰ ফলত বংগৰ বাৰোভিছাৰ পৰা অসম- বংগ সীমান্তৰ পাকৰিগুৰী লৈকে যানজঁটৰ সৃষ্টি হোৱাত অন্যান্য সামগ্ৰী কঢ়িয়াই অনা বাহন সমূহবোৰ আবদ্ধ হৈ পৰাত চালক সকলে পশ্চিমবংগৰ আৰক্ষী প্ৰশাসনৰ ওপৰত ক্ষুদ্ধ হৈ পৰে আৰু তেওঁলোকে আজি পাকৰিগুৰীত পথ অৱৰোধ কৰি বিক্ষোভ প্ৰদৰ্শন কৰে।

কয়লা বোঝাই কৰি অনা ট্ৰাকচালক সকলে বংগ সীমান্তত মোতায়েন আৰক্ষীৰ বিৰুদ্ধে অভিযোগ কৰি কয় কয়লাৰ যাবতীয় নথি-পত্ৰ ঠিক থকা সত্বেও যোৱা চাৰি পাঁচ দিন ধৰি কয়লাৰ গাড়ী সমূহ আটক কৰি ৰাখিছে।কি কাৰনত কয়লাৰ গাড়ী সমূহ আটক কৰা হৈছে সেয়া আৰক্ষীৰ তৰফৰ পৰা ট্ৰাক চালক সকলক অবগত নকৰাত তেঁওলোকে আজি পুৱাৰ পৰা বংগ সীমান্তৰ পাকৰিগুৰীত ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত থকা পশ্চিমবংগৰ আলিপুৰদুৱাৰ জিলাৰ কুমাৰগ্ৰাম থানাৰ আৰক্ষীৰ নাকাত সমবেত হৈ বিক্ষোভ প্ৰদৰ্শন কৰাৰ লগতে ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি আটক কৰি ৰখা কয়লাৰ গাড়ী সমূহ মুকলি কৰাৰ দাবী জনায়।ট্ৰাক চালক সকলৰ বিক্ষোভ প্ৰশমিত কৰিবলৈ আলিপুৰদুৱাৰ জিলাৰ পৰা আৰক্ষী প্ৰশাসনৰ শীৰ্ষ কৰ্তা সকলে ঘটনাস্থলীত আহি ক্ষুদ্ধ চালক সকলৰ সৈতে আলোচনাত মিলিত হৈ সমস্যাৰ সমাধান কৰাৰ প্ৰচেষ্টা চলাই আছে যদিও এতিয়ালৈকে ৰাষ্ট্ৰীয় ঘাইপথৰ যানজঁট আতৰ হোৱা নাই।কয়লা পৰিবাহী বাহনৰ পৰা অতিৰিক্ত গুন্ডাকৰ আদায় কৰাৰ বাবে গাড়ীবোৰক আটক কৰি হাৰাশাস্তি দি আছে বুলিও ভুক্তভোগীৰ অভিযোগ।উল্লেখ্য যে অসমৰ পৰা কয়লা কঢ়িয়াই অনা বাহনৰ পৰা অসম আৰু পশ্চিমবংগৰ ছিণ্ডিকেট চক্ৰই লক্ষাধিক টকা সংগ্ৰহ কৰে বুলিও অভিযোগ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande