
দৰং, ১৬ ছেপ্তেম্বৰ (হি.স.)। মঙলদৈত অসমীয়া যুৱ মঞ্চই মঙলদৈ খণ্ড বন বিষয়াই অবৈধভাৱে বালি খনন খনন অব্যাহত ৰখাৰ প্ৰতিবাদত উত্তৰ কামৰূপ বন সংমণ্ডল বিষয়া ৰঞ্জিত ৰামৰ পুত্তলিকা দাহ কৰে৷
প্ৰতিবাদী অসমীয়া যুৱ মঞ্চই বিভাগীয় বিষয়াৰ লগতে দৰং জিলা আয়ুক্ত গৰাকীয়ে চকুমুদা কুলিৰ ভাও লোৱা বলি ক্ষোভ প্ৰকাশ কৰে৷ ইয়াৰোপৰি অবৈধ খননৰ বাবে অসম চৰকাৰে লাখ লাখ টকাৰ ৰাজহ হেৰুৱাইছে৷ এই ক্ষেত্ৰত বন বিভাগৰ মন্ত্ৰীক এখন স্মাৰকপত্ৰৰ জৰিয়তে তদন্ত কৰিবলৈ দাবী জনালে৷
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ