তামুলপুৰত ‘সেৱা সংকল্প অভিযান’-ৰ প্ৰস্তুতি সভা
তামুলপুৰ, ১৬ ছেপ্তেম্বৰ (হি.স.)। ভাৰতৰ প্ৰধানমন্ত্ৰী মাননীয় নৰেন্দ্ৰ মোদীৰ ২৫ বছৰীয়া জনসেৱা উপলক্ষ্যে অসম চৰকাৰে গ্ৰহণ কৰা ‘সেৱা সংকল্প অভিযান’ৰ অংশস্বৰূপে তামুলপুৰ জিলাত অভিযানটোৰ কাৰ্যসূচীসমূহ সুচাৰুৰূপে ৰূপায়ণৰ বাবে আজি জিলা আয়ুক্ত কাৰ্যালয়ৰ সভা
তামুলপুৰত ‘সেৱা সংকল্প অভিযান’-ৰ প্ৰস্তুতি সভা


তামুলপুৰ, ১৬ ছেপ্তেম্বৰ (হি.স.)। ভাৰতৰ প্ৰধানমন্ত্ৰী মাননীয় নৰেন্দ্ৰ মোদীৰ ২৫ বছৰীয়া জনসেৱা উপলক্ষ্যে অসম চৰকাৰে গ্ৰহণ কৰা ‘সেৱা সংকল্প অভিযান’ৰ অংশস্বৰূপে তামুলপুৰ জিলাত অভিযানটোৰ কাৰ্যসূচীসমূহ সুচাৰুৰূপে ৰূপায়ণৰ বাবে আজি জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত এখন গুৰুত্বপূৰ্ণ প্ৰস্তুতি সভা অনুষ্ঠিত হয়। সভাখনত পৌৰোহিত্য কৰে তামুলপুৰ জিলাৰ জিলা আয়ুক্ত চিমি কৰণে। সভাত জিলা আয়ুক্তগৰাকীয়ে ‘সেৱা সংকল্প অভিযান’ৰ অধীনত সংশ্লিষ্ট বিভাগসমূহৰ দায়িত্ব আৰু কৰণীয় সম্পৰ্কে বিস্তৃতভাৱে বুজাই দিয়ে। লগতে নিৰ্ধাৰিত কাৰ্যসূচীসমূহ সময়মতে আৰু সুচাৰুৰূপে ৰূপায়ণ কৰাৰ বাবে সংশ্লিষ্ট বিভাগসমূহে গ্ৰহণ কৰিবলগীয়া পদক্ষেপৰ বিষয়েও তেওঁ অৱগত কৰে।

জিলা আয়ুক্তগৰাকীয়ে সংশ্লিষ্ট বিভাগসমূহক পৰস্পৰৰ মাজত সমন্বয় বজাই ৰাখি অভিযানটোৰ কাৰ্যসূচীসমূহ সফলভাৱে ৰূপায়ণ কৰাৰ লগতে চৰকাৰী আঁচনি আৰু সেৱাসমূহৰ সুবিধা যোগ্য হিতাধিকাৰীৰ ওচৰলৈ যথাসময়ত পঠিওৱাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে। উল্লেখ্য যে অসম চৰকাৰৰ সাধাৰণ প্ৰশাসন বিভাগে জাৰি কৰা কাৰ্যবাহী নিৰ্দেশ অনুসৰি ১৭ ছেপ্টেম্বৰৰ পৰা ১৭ অক্টোবৰ, ২০২৬-লৈ এমাহজোৰা ‘সেৱা সংকল্প অভিযান’ ৰূপায়ণ কৰা হ’ব। অভিযানটোৰ জৰিয়তে জনসেৱা, জনকল্যাণ আৰু নাগৰিককেন্দ্ৰিক প্ৰশাসনৰ প্ৰতি চৰকাৰৰ দায়বদ্ধতা পুনৰ দৃঢ় কৰাৰ লগতে চৰকাৰী সেৱাসমূহ জনসাধাৰণৰ ওচৰলৈ অধিক ফলপ্ৰসূভাৱে পঠিওৱাৰ ওপৰত বিশেষভাৱে গুৰুত্ব আৰোপ কৰা হৈছে। অভিযানটোৰ অধীনত বিভিন্ন জনকল্যাণমূলক আৰু জনসচেতনতামূলক কাৰ্যসূচী ৰূপায়ণ কৰা হ’ব। ইয়াৰ ভিতৰত চৰকাৰী আঁচনিৰ হিতাধিকাৰীৰ অভিজ্ঞতা আৰু চৰকাৰী সেৱাৰ ইতিবাচক প্ৰভাৱ প্ৰচাৰৰ বাবে ‘সেৱাৰ কাহিনী’, ‘সেৱা জ্যোতি কলহ যাত্ৰা–বিকশিত ভাৰতৰ সংকল্প’, ‘সেৱা মোৰ অৱদান’ আৰু চৰকাৰী সেৱা জনসাধাৰণৰ দুৱাৰমুখলৈ লৈ যোৱাৰ উদ্দেশ্যে ‘সেৱা সেতু অভিযান’ আদি উল্লেখযোগ্য। জিলা পৰ্যায়ত অভিযানটোৰ সামগ্ৰিক সমন্বয়, কাৰ্যসূচীসমূহ নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত ৰূপায়ণ, হিতাধিকাৰী আৰু জনসাধাৰণৰ অংশগ্ৰহণ নিশ্চিতকৰণ তথা অগ্ৰগতি পৰ্যৱেক্ষণৰ দায়িত্ব জিলা আয়ুক্তৰ ওপৰত ন্যস্ত কৰা হৈছে। সভাত জ্যেষ্ঠ আৰক্ষী অধীক্ষক সুমন চক্ৰৱৰ্তী, জিলা আয়ুক্ত কাৰ্যালয়ৰ বিষয়াবৰ্গ আৰু জিলাখনৰ বিভিন্ন বিভাগৰ বিভাগীয় মুৰব্বীসকল উপস্থিত থাকে বুলি তামুলপুৰ জিলাৰ তথ্য আৰু জনসংযোগ বিষয়া বিজয় বেজবৰুৱাই সংবাদ মাধ্যমক অৱগত কৰে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande