বিশ্বকৰ্মা পূজাৰ ব্যাপক প্ৰস্তুতি
বিশ্বকৰ্মা পূজাৰ ব্যাপক প্ৰস্তুতি।
বিশ্বকৰ্মা পূজাৰ ব্যাপক প্ৰস্তুতি


ওদালগুৰি, ১৬ ছেপ্তেম্বৰ (হি.স.)। বিশ্বকৰ্মা পূজাৰ ব্যাপক প্ৰস্তুতি।বালিপাৰাত দুদিনীয়া কাৰ্যসূচীৰে বিশ্বকৰ্মা পূজাৰ আয়োজন।যোৱাবেলিৰ ধৰে এইবেলিও দুদিনীয়া কাৰ্যসূচীৰে নৱম বাৰ্ষিক বিশ্বকৰ্মা পূজাৰ আয়োজন কৰিছে ১৮ আৰু ১৯ ছেপ্টেম্বৰ ২০২৬ তাৰিখে বালিপাৰা নেতাজী সংঘৰ উদ্যোগত।পূজা উপলক্ষে ব্যাপক প্ৰস্তুতিৰে ৰাইজৰ মাজত উৎসাহ উদ্দীপনা বিৰাজ কৰিছে।

পূজাৰ বিভিন্ন কাৰ্যসূচীৰ লগতে জুবিন গাৰ্গৰ স্মৃতিত স্থাপন কৰা ‘জুবিন গাৰ্গ সোঁৱৰণী মঞ্চ’ত স্থানীয় কীৰ্তিমান ছাত্ৰ-ছাত্ৰীসকলক সম্বৰ্ধনা প্ৰদানৰ বিশেষ কাৰ্যসূচী গ্ৰহণ কৰিছে আয়োজক সমিতিয়ে।অনুষ্ঠানটো সফল কৰি তুলিবলৈ বালিপাৰা নেতাজী সংঘৰ আয়োজক সমিতিয়ে সকলো ৰাইজৰ উপস্থিতি, সহায়-সহযোগিতা আৰু অংশগ্ৰহণ কামনা কৰিছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande