ছৌদি আৰৱত হুতি বিদ্ৰোহীৰ আক্ৰমণক ভাৰতৰ গৰিহণা
নতুন দিল্লী, ১৬ ছেপ্টেম্বৰ (হি.স.)। ছৌদি আৰৱৰ মক্কা চহৰৰ সমীপত হুতি বিদ্ৰোহীৰ ড্ৰ’ন আক্ৰমণক ভাৰতে তীব্ৰ গৰিহণা দিছে। ভাৰতে উল্লেখ কৰিছে যে বিশ্বজুৰি মুছলমানসকলৰ বাবে মক্কাৰ বিশেষ তাৎপৰ্য আছে। ফলস্বৰূপে মহানগৰীৰ সমীপৰ ঘটনাটো বিশেষভাৱে চিন্তনীয়। বৈ
MEA Bangladesh HC Summon


নতুন দিল্লী, ১৬ ছেপ্টেম্বৰ (হি.স.)। ছৌদি আৰৱৰ মক্কা চহৰৰ সমীপত হুতি বিদ্ৰোহীৰ ড্ৰ’ন আক্ৰমণক ভাৰতে তীব্ৰ গৰিহণা দিছে। ভাৰতে উল্লেখ কৰিছে যে বিশ্বজুৰি মুছলমানসকলৰ বাবে মক্কাৰ বিশেষ তাৎপৰ্য আছে। ফলস্বৰূপে মহানগৰীৰ সমীপৰ ঘটনাটো বিশেষভাৱে চিন্তনীয়।

বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে বুধবাৰে এক বিবৃতি প্ৰকাশ কৰি ড্ৰ’ন আক্ৰমণক গৰিহণা দিয়ে। শীঘ্ৰে অঞ্চলটোত শান্তি আৰু স্থিতিশীলতা পুনৰ ঘূৰি আহিব বুলি আশা প্ৰকাশ কৰে। তেওঁ উল্লেখ কৰে যে ভাৰতে ছৌদি আৰৱৰ সাৰ্বভৌম ভূখণ্ডত আক্ৰমণ আৰু সাধাৰণ নাগৰিকৰ জীৱন আৰু আন্তঃগাঁথনিৰ প্ৰতি ভাবুকি কঢ়িয়াই অনা কাৰ্যক তীব্ৰ গৰিহণা দিয়ে।

মন কৰিবলগীয়া যে ইৰাণ সমৰ্থিত য়েমেনৰ হুতি বিদ্ৰোহীয়ে মঙলবাৰে ছৌদি আৰৱৰ মক্কা চহৰৰ দক্ষিণে ড্ৰ’ন আক্ৰমণ চলায়। এই আক্ৰমণসমূহ চৌদি আৰৱৰ বায়ু প্ৰতিৰক্ষা ব্যৱস্থাই আকাশৰ মাজভাগত বাধা দি ধ্বংস কৰে।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande