ভূটানত উপস্থিত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী জয়শংকৰ, সমকক্ষ ধুংগেলৰ সৈতে বাৰ্তা
বুমথাং, ১৫ ছেপ্টেম্বৰ (হি.স.)। ভূটান ভ্ৰমণৰ বাবে বুধবাৰে বুমথাংত উপস্থিত হয় বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰ। ইয়াত তেওঁ ভূটানৰ বৈদেশিক মন্ত্ৰী লিয়নপো ডি.এন.ডুংগেলৰ সৈতে সাক্ষাৎ কৰি দুয়োখন দেশৰ মাজত বিভিন্ন ক্ষেত্ৰত সহযোগিতাৰ পৰ্যালোচনা কৰে।
भूटान के विदेश मंत्री ल्योंपो डीएन धुंगयेल के साथ बैठक करते विदेश मंत्री एस जयशंकर।

বুমথাং, ১৫ ছেপ্টেম্বৰ (হি.স.)। ভূটান ভ্ৰমণৰ বাবে বুধবাৰে বুমথাংত উপস্থিত হয় বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰ। ইয়াত তেওঁ ভূটানৰ বৈদেশিক মন্ত্ৰী লিয়নপো ডি.এন.ডুংগেলৰ সৈতে সাক্ষাৎ কৰি দুয়োখন দেশৰ মাজত বিভিন্ন ক্ষেত্ৰত সহযোগিতাৰ পৰ্যালোচনা কৰে।

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত উল্লেখ কৰে যে তেওঁ লিয়নপো ডি এন ধুংগেলৰ সৈতে হোৱা ব্যাপক দ্বিপাক্ষিক সহযোগিতাৰ পৰ্যালোচনা কৰে আৰু ভূটানৰ আধ্যাত্মিক আৰু ঐতিহাসিক কেন্দ্ৰ বুমথাঙত তেওঁৰ আতিথ্যৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰে।

তেওঁ কয় যে দুয়োগৰাকী নেতাই অধিক উন্নয়নমূলক অংশীদাৰিত্ব, শক্তি, বাণিজ্য, সংযোগ, সংস্কৃতি আৰু জনসাধাৰণৰ মাজত সম্পৰ্কৰ বিষয়ে আলোচনা কৰে।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া

 rajesh pande