আইচিএ গ্ল’বেল ব’ৰ্ডৰ সঞ্চালক হিচাপে নিৰ্বাচিত ইফকোৰ অধ্যক্ষ দিলীপ সংঘনী
নতুন দিল্লী, ১৬ ছেপ্টেম্বৰ (হি.স.)। ইণ্ডিয়ান ফাৰ্মাৰ্ছ ফাৰ্টিলাইজাৰ ক’অপাৰেটিভ লিমিটেড চমুকৈ ইফকো বা আইএফএফচিঅ’ৰ অধ্যক্ষ দিলীপ সংঘনীক আন্তঃৰাষ্ট্ৰীয় সমবায় মিত্ৰজোঁটৰ গ্ল’বেল ব’ৰ্ডৰ এট-লাৰ্জ সঞ্চালক হিচাপে নিৰ্বাচিত কৰা হৈছে। পানামা চহৰত অনুষ্ঠি
আইচিএ গ্ল’বেল ব’ৰ্ডৰ সঞ্চালক হিচাপে নিৰ্বাচিত ইফকোৰ অধ্যক্ষ দিলীপ সংঘনী


নতুন দিল্লী, ১৬ ছেপ্টেম্বৰ (হি.স.)। ইণ্ডিয়ান ফাৰ্মাৰ্ছ ফাৰ্টিলাইজাৰ ক’অপাৰেটিভ লিমিটেড চমুকৈ ইফকো বা আইএফএফচিঅ’ৰ অধ্যক্ষ দিলীপ সংঘনীক আন্তঃৰাষ্ট্ৰীয় সমবায় মিত্ৰজোঁটৰ গ্ল’বেল ব’ৰ্ডৰ এট-লাৰ্জ সঞ্চালক হিচাপে নিৰ্বাচিত কৰা হৈছে। পানামা চহৰত অনুষ্ঠিত হোৱা আইচিএৰ সাধাৰণ পৰিষদৰ সময়ত এই নিৰ্বাচন অনুষ্ঠিত হয়।

ইফ্ফকোৱে প্ৰকাশ কৰা তথ্য অনুসৰি এই নিৰ্বাচনত দিলীপ সংঘানীয়ে গ্ল’বেল ব’ৰ্ডত স্থান লাভ কৰি তৃতীয় স্থান দখল কৰে। তেওঁৰ এই বিজয়ক বিশ্বজুৰি ভাৰতীয় সমবায় আন্দোলনৰ বাবে এক বৃহৎ সাফল্য হিচাপে বিবেচিত হৈছে।

সংঘনীৰ নিৰ্বাচন ঘোষণা হোৱাৰ লগে লগে পানামাত থকা ভাৰতীয় সমবায় প্ৰতিনিধি দলটোৱে ভাৰত মাতা কি জয় আৰু বন্দে মাতৰম শ্লোগানেৰে উত্তাল কৰি তোলে। ইফ্ফকোৱে কয় যে ই ভাৰতীয় সমবায় আন্দোলনৰ ক্ৰমবৰ্ধমান বিশ্বব্যাপী গ্ৰহণযোগ্যতা আৰু প্ৰভাৱৰ প্ৰতীক।

কেইবা দশক ধৰি সমবায় খণ্ডৰ সৈতে জড়িত দিলীপ সংঘানীয়ে কৃষক, গ্ৰাম্য অৰ্থনীতি, সমবায় প্ৰতিষ্ঠানসমূহৰ সবলীকৰণৰ বাবে কাম কৰি আহিছে। বৰ্তমান তেওঁ ইফ্ফকো আৰু গুজৰাট ৰাজ্যিক সমবায় বিপণন ফেডাৰেচন (গুজকোমাচল-GUJCOMASOL)ৰ অধ্যক্ষ হিচাপে কাম কৰি ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় সমবায় সংস্থাসমূহত বিভিন্ন দায়িত্ব পালন কৰি আহিছে।

আন্তঃৰাষ্ট্ৰীয় সমবায় মিত্ৰজোঁট হৈছে বিশ্বৰ আগশাৰীৰ বিশ্বব্যাপী সমবায় সংস্থা, যিয়ে বিভিন্ন দেশৰ সমবায়ক প্ৰতিনিধিত্ব কৰে। ইফ্ফকোৰ তথ্য অনুসৰি আইচিএ গ্ল’বেল ব’ৰ্ডত ভাৰতৰ অংশগ্ৰহণে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ভাৰতীয় সমবায় আন্দোলনৰ কণ্ঠ আৰু অধিক শক্তিশালী কৰিব।

দিলীপ সংঘানীয়ে তেওঁৰ জয়ৰ বাবে আইচিএৰ সদস্য দেশ, প্ৰতিনিধি, আৰু বিশ্ব সমবায় সমাজৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰে। তেওঁ কয় যে ভাৰতৰ সমবায় আন্দোলনৰ অভিজ্ঞতা আৰু দৃষ্টিভংগীক বিশ্ব মঞ্চত ফলপ্ৰসূভাৱে উপস্থাপন কৰাৰ লগতে আন্তঃৰাষ্ট্ৰীয় সহযোগিতা শক্তিশালী কৰাৰ বাবে কাম কৰিব।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande