
তামুলপুৰ, ১৬ ছেপ্টেম্বৰ (হি.স.)। বিটিআৰ চৰকাৰে জাৰি কৰা নতুন ভূমিনীতিৰ অধিসূচনা ১০দিনৰ ভিতৰত প্ৰত্যাহাৰৰ দাবী বিটিআৰ কো অৰডিনেচন কমিটি ফৰ প্ৰটেক্টেড ক্লাছ নামৰ সংগঠনটোৰ।
আজি এক সংবাদ মেল সম্বোধন কৰি অনুসুচিত জাতি ছাত্ৰ সন্থা সভাপতি তথা কৰ্ডিনেচন কমিটিৰ আহ্বায়ক প্ৰদীপ সৰকাৰ , চাওতাল ছাত্ৰ সন্থাৰ সভাপতি তথা কৰ্ডিনেচন কমিটিৰ সদস্য চলেমান মুৰ্মু আৰু বিটিআৰ গোৰ্খা সমাজৰ সম্পাদক তথা কৰ্ডিনেচন কমিটিৰ সদস্য দীপক নেৰলাই বিটিআৰ চৰকাৰৰ নতুন ভূমি নীতিৰ তীব্ৰ বিৰোধিতা কৰে ।
লগতে বিটিআৰ চৰকাৰে জাৰি কৰা নতুন ভূমিনীতিৰ অধিসূচনা অহা ১০দিনৰ ভিতৰত প্ৰত্যাহাৰ কৰিবলৈ দাবী জনায়।
অন্যথা আটাইকেইটা সংগঠনে কৰ্ডিনেচন কমিটিৰ সৈতে ৰাজপথত জংগী আন্দোলন গঢ়ি তোলাৰ লগতে বিষয়টো লৈ আদালতৰ দ্বাৰস্থ হোৱাৰো হুংকাৰ দিয়ে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা