গেৰুৱা দুৰ্গা মন্দিৰৰ কাষত পথ নিৰ্মাণৰ আধাৰশিলা স্থাপন
ওদালগুৰি, ১৬ ছেপ্তেম্বৰ (হি.স.)। কলাইগাঁৱৰ গেৰুৱা দুৰ্গা মন্দিৰৰ কাষেদি নদীপৰীয়া অঞ্চলৰ উন্নয়নৰ লক্ষ্যৰে বিটিচি চৰকাৰে বিভিন্ন আঁচনি গ্ৰহণ কৰি আহিছে।ইয়াৰ অংশ হিচাপে পঞ্চদশ বিত্তীয় আয়োগৰ অধীনত ৪৫ লাখ ৫০ হাজাৰ টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ’বলগীয়
গেৰুৱা দুৰ্গা মন্দিৰৰ কাষত পথ নিৰ্মাণৰ আধাৰশিলা স্থাপন


ওদালগুৰি, ১৬ ছেপ্তেম্বৰ (হি.স.)। কলাইগাঁৱৰ গেৰুৱা দুৰ্গা মন্দিৰৰ কাষেদি নদীপৰীয়া অঞ্চলৰ উন্নয়নৰ লক্ষ্যৰে বিটিচি চৰকাৰে বিভিন্ন আঁচনি গ্ৰহণ কৰি আহিছে।ইয়াৰ অংশ হিচাপে পঞ্চদশ বিত্তীয় আয়োগৰ অধীনত ৪৫ লাখ ৫০ হাজাৰ টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ’বলগীয়া এটা পথৰ আধাৰশিলা আজি স্থাপন কৰা হয়।মুদৈবড়ী সমষ্টিৰ অন্তৰ্গত কলাইগাঁৱৰ গেৰুৱা দুৰ্গা মন্দিৰৰ কাষত অনুষ্ঠিত আধাৰশিলা স্থাপন কাৰ্যসূচীত প্ৰাক্তন কাৰ্যবাহী সদস্য তথা বিপিএফৰ কেন্দ্ৰীয় সম্পাদক জগদীশ সৰকাৰে আধাৰশিলাৰ শুভ উন্মোচন কৰে।

এই পথ নিৰ্মাণ সম্পূৰ্ণ হ’লে নদীপৰীয়া অঞ্চলৰ ৰাইজৰ যাতায়াত ব্যৱস্থা অধিক সুচল হোৱাৰ লগতে অঞ্চলটোৰ যোগাযোগ ব্যৱস্থাৰ উন্নতি হ’ব বুলি আশা প্ৰকাশ কৰিছে স্থানীয় ৰাইজে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande