(কেবিনেট) ইপিএফঅ’ৰ দৰমহাৰ সীমা ২৫ হাজাৰলৈ বৃদ্ধি, ৫১ লাখ কৰ্মচাৰী উপকৃত
নতুন দিল্লী, ১৬ ছেপ্টেম্বৰ (হি.স.)। কেন্দ্ৰীয় চৰকাৰে কৰ্মচাৰী ভৱিষ্য নিধি সংস্থা (ইপিএফও)ৰ অধীনত বাধ্যতামূলক কভাৰেজৰ দৰমহাৰ সীমা প্ৰতিমাহে ১৫,০০০ ₹ৰ পৰা ২৫,০০০ ₹লৈ বৃদ্ধি কৰিছে। এই সিদ্ধান্তই ৫১ লাখতকৈ অধিক কৰ্মচাৰীক ইপিএফঅ’ৰ অধীনত আনিব বুলি আশা ক
ईपीएफओ लोगो


নতুন দিল্লী, ১৬ ছেপ্টেম্বৰ (হি.স.)। কেন্দ্ৰীয় চৰকাৰে কৰ্মচাৰী ভৱিষ্য নিধি সংস্থা (ইপিএফও)ৰ অধীনত বাধ্যতামূলক কভাৰেজৰ দৰমহাৰ সীমা প্ৰতিমাহে ১৫,০০০ ₹ৰ পৰা ২৫,০০০ ₹লৈ বৃদ্ধি কৰিছে। এই সিদ্ধান্তই ৫১ লাখতকৈ অধিক কৰ্মচাৰীক ইপিএফঅ’ৰ অধীনত আনিব বুলি আশা কৰা হৈছে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অধ্যক্ষতাত কেন্দ্ৰীয় কেবিনেটে শ্ৰম আৰু নিয়োগ মন্ত্ৰালয়ৰ এই প্ৰস্তাৱত অনুমোদন জনায়। দৰমহাৰ সীমা বৃদ্ধিৰ ফলত ১৫ হাজাৰৰ পৰা ২৫ হাজাৰ ₹ৰ ভিতৰত মাহিলী দৰমহা পোৱা কৰ্মচাৰীৰ এটা বৃহৎ অংশই বিধিগত সামাজিক সুৰক্ষাৰ সুবিধা লাভ কৰিব পাৰিব।

কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কেবিনেট বৈঠকৰ পিছত এই সিদ্ধান্ত ঘোষণা কৰাৰ সময়তে কয় যে দৰমহাৰ সীমা বৃদ্ধিৰ ভিত্তি হৈছে ২০১৪ চনৰ ছেপ্টেম্বৰ মাহত শেষৰ ১৫ হাজাৰ ₹ৰ সীমা নিৰ্ধাৰণ কৰা হৈছিল।তেতিয়াৰ পৰা গড় দৰমহা যথেষ্ট বৃদ্ধি পাইছে আৰু জীৱন-যাপনৰ খৰচো বৃদ্ধি পাইছে। তেওঁ কয় যে আজি এজন নিয়মীয়া দৰমহা পোৱা কৰ্মচাৰীৰ গড় মাহিলী আয় প্ৰায় ২৩,০০০ টকা, যিটো ২০১৪ চনৰ আগৰ সময়ছোৱাৰ তুলনাত প্ৰায় ডেৰ-দুগুণ বৃদ্ধি পাইছে।বহু ৰাজ্যই অদক্ষ শ্ৰমিকৰ নূন্যতম মজুৰিও ১৫,০০০ টকাতকৈ অধিকলৈ বৃদ্ধি কৰিছে।

চৰকাৰৰ মতে, বৰ্তমানৰ ব্যৱস্থা অনুসৰি এজন কৰ্মচাৰীয়ে মাহিলী ১৫,০০০ টকাতকৈ অধিক দৰমহা লৈ চাকৰি আৰম্ভ কৰিলে বাধ্যতামূলক ইপিএফ আঁচনিৰ অধীনত স্বয়ংক্ৰিয়ভাৱে সামৰি লোৱা নহয়। এই সীমা ২৫,০০০ টকালৈ বৃদ্ধি কৰিলে কৰ্মচাৰীৰ প্ৰভিডেণ্ট ফাণ্ড (ই পি এফ), কৰ্মচাৰী পেঞ্চন আঁচনি (ই পি এছ), আৰু কৰ্মচাৰী জমা সংযুক্ত বীমা আঁচনি (ই ডি এল আই)ৰ অধীনত এনে কৰ্মচাৰীৰ বাবে উপলব্ধ সামাজিক সুৰক্ষাৰ সুবিধাৰ পৰিসৰ বৃদ্ধি পাব।

২০০৪ চনৰ পৰা ২০১৪ চনলৈকে ইপিএফঅ’ৰ দৰমহাৰ সীমা এটা দশক অপৰিৱৰ্তিত হৈ আছিল।২০১৪ চনৰ ছেপ্টেম্বৰ মাহত ইয়াক ১৫ হাজাৰ টকালৈ বৃদ্ধি কৰা হৈছিল।চৰকাৰে কয় যে বিগত ১২ বছৰত মজুৰি আৰু আয়ৰ ধাৰাবাহিক বৃদ্ধি, আৰু আনুষ্ঠানিক নিয়োগ সম্প্ৰসাৰণৰ বাবে এই সীমা ২৫,০০০ টকালৈ বৃদ্ধি কৰাটো প্ৰয়োজনীয় হৈ পৰিছে।

চৰকাৰৰ মতে, এই সিদ্ধান্তই নিয়োগৰ আনুষ্ঠানিককৰণ ত্বৰান্বিত কৰাৰ লগতে কৰ্মচাৰীসকলৰ দীৰ্ঘম্যাদী অৱসৰৰ নিৰাপত্তা শক্তিশালী কৰিব। ব্যাপক সামাজিক সুৰক্ষা কভাৰেজে কৰ্মচাৰীসকলক ভৱিষ্যতৰ বাবে অধিক সুৰক্ষিত আৰ্থিক ভেটি প্ৰদান কৰিব। নিয়োগকৰ্তাসকলৰ বাবে ব্যাপক সামাজিক সুৰক্ষা কভাৰেজেও কৰ্মচাৰী ধৰি ৰখা আৰু কৰ্মশক্তিৰ স্থিতিশীলতাক প্ৰসাৰিত কৰিব বুলি আশা কৰা হৈছে।

এই প্ৰস্তাৱৰ ওপৰত বিভিন্ন মন্ত্ৰালয়ৰ মাজত ব্যাপক আলোচনা হয়। ব্যয় বিত্ত সমিতিখনে ২০২৬ চনৰ ১৬ জুনত অনুষ্ঠিত হোৱা বৈঠকত ইয়াৰ পৰামৰ্শ দিছিল।ইয়া কাৰ্যকৰী হোৱাৰ ফলত চৰকাৰৰ বাবে বছৰি প্ৰায় ১১,৩৩৯ কোটি টকাৰ অতিৰিক্ত আৰ্থিক বোজা পৰিব, যিটো বৰ্তমানৰ বাৰ্ষিক বাজেটত প্ৰায় ১০,২৫০ কোটি টকাৰ সহায়ৰ তুলনাত। পাঁচ বছৰৰ ভিতৰত আনুমানিক ব্যয় প্ৰায় ৫৬,৬৯৬ কোটি ₹ বুলি অনুমান কৰা হৈছে।

বৰ্তমান ইপিএফঅ’ হৈছে বিশ্বৰ অন্যতম বৃহৎ সামাজিক সুৰক্ষা ব্যৱস্থা। ই কৰ্মচাৰীৰ প্ৰভিডেণ্ট ফাণ্ড, কৰ্মচাৰীৰ পেঞ্চন আঁচনি, আৰু কৰ্মচাৰীৰ জমা সংযুক্ত বীমা আঁচনি পৰিচালনা কৰে। শেহতীয়া তথ্য অনুসৰি ইপিএফঅ’ৰ প্ৰায় ৭৯.৮ মিলিয়ন অৱদানকাৰী সদস্য আৰু প্ৰায় ৭৬.৮ মিলিয়ন অৱদানকাৰী প্ৰতিষ্ঠান আছে। কৰ্মচাৰী পেঞ্চন আঁচনিৰ অধীনত প্ৰায় ৮২ লাখ পেঞ্চনাৰসকলে পেঞ্চনৰ সুবিধা লাভ কৰে।

এই সিদ্ধান্ত কাৰ্যকৰী কৰিবলৈ শ্ৰম আৰু নিয়োগ মন্ত্ৰালয় আৰু ইপিএফঅ’ই প্ৰয়োজনীয় আইনগত আৰু প্ৰশাসনিক পদক্ষেপ গ্ৰহণ কৰিব। চৰকাৰে উল্লেখ কৰিছে যে মজুৰি বৃদ্ধি আৰু আনুষ্ঠানিক নিয়োগ সম্প্ৰসাৰণৰ লগতে সামাজিক সুৰক্ষা ব্যৱস্থা শক্তিশালী কৰাটো এটা উন্নত ভাৰত @ ২০৪৭ৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande