দিপীলাৰ দুনীত পথ অৱৰোধ
দৰং, ১৬ ছেপ্টেম্বৰ (হি.স.)। দিপীলাৰ দুনীত পথ অৱৰোধ। বিলাতী সুৰাৰ দোকান স্থাপনৰ বিৰোধিতাৰে স্থানীয় ৰাইজে কৰে এই অৱৰোধ। আছুকে ধৰি কেইবাটাও দল-সংগঠনে কৰে এই প্ৰতিবাদী কৰ্মচাৰী। মঙলদৈ - ৰঙিয়া অসম মালা পথ অৱৰোধ কৰি প্ৰতিবাদ কৰাত সৃষ্টি হয় উত্ত
দিপীলাৰ দুনীত পথ অৱৰোধ


দৰং, ১৬ ছেপ্টেম্বৰ (হি.স.)। দিপীলাৰ দুনীত পথ অৱৰোধ।

বিলাতী সুৰাৰ দোকান স্থাপনৰ বিৰোধিতাৰে স্থানীয় ৰাইজে কৰে এই অৱৰোধ।

আছুকে ধৰি কেইবাটাও দল-সংগঠনে কৰে এই প্ৰতিবাদী কৰ্মচাৰী।

মঙলদৈ - ৰঙিয়া অসম মালা পথ অৱৰোধ কৰি প্ৰতিবাদ কৰাত সৃষ্টি হয় উত্তেজন পূৰ্ণ পৰিস্থিতি।

দুনী আঞ্চলিক উন্নয়ন সমিতিৰ উদ্যোগত প্ৰায় ১০ টা দল-সংগঠন আৰু স্থানীয় ৰাইজে সুৰাৰ দোকান বন্ধ নকৰাৰ প্ৰতিবাদত উত্তাল কৰি তোলে৷

প্ৰতিবাদত অসমমালা পথ প্ৰায় দুই ঘন্টা ধৰি বন্ধ হৈ পৰে৷

ঘটনাস্থলীত উপস্থিত পাথৰিঘাট ৰাজহ চক্ৰ বিষয়া৷

প্ৰতিবাদী ৰাইজে

মুকলি কৰা বিলাতী সুৰাৰ দোকানখনৰ অনুজ্ঞাপত্ৰৰ নথিপত্ৰ তদন্ত কৰি বন্ধ কৰিবলৈ জিলা আয়ুক্তলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে পাথৰিঘাট ৰাজহ চক্ৰ বিষয়াৰ জৰিয়তে৷

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande