বিটিচিৰ কাৰ্যবাহী পৰিষদৰ বৈঠক
কোকৰাঝাৰ, ১৬ ছেপ্তেম্বৰ (হি.স.)। বিটিচিৰ কাৰ্যবাহী পৰিষদৰ বৈঠক । কেবাটাও গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত সিদ্ধান্ত গ্ৰহণ বৈঠকত ।বিটিচি সচিবালয়ৰ প্ৰেক্ষাগৃহত বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীৰ অধ্যক্ষতাত বুধবাৰে অনুষ্ঠিত হয় এই কাৰ্যবাহী পৰিষদৰ বৈঠক । বৈঠকৰ অন্
বিটিচিৰ কাৰ্যবাহী পৰিষদৰ বৈঠক


বিটিচিৰ কাৰ্যবাহী পৰিষদৰ বৈঠক


কোকৰাঝাৰ, ১৬ ছেপ্তেম্বৰ (হি.স.)। বিটিচিৰ কাৰ্যবাহী পৰিষদৰ বৈঠক । কেবাটাও গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত সিদ্ধান্ত গ্ৰহণ বৈঠকত ।বিটিচি সচিবালয়ৰ প্ৰেক্ষাগৃহত বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীৰ অধ্যক্ষতাত বুধবাৰে অনুষ্ঠিত হয় এই কাৰ্যবাহী পৰিষদৰ বৈঠক । বৈঠকৰ অন্তত বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে সংবাদমাধ্যমৰ আগত বৈঠকৰ বিষয়ে সদৰী কৰি কয় ।সামাজিক মাধ্যম তথা বিভিন্ন মাধ্যমত মাটিৰ ভেল্যুৱেশ্যন বা মূল্যায়ন অতি বেছি হোৱা বুলি যি চৰ্চা চলিছিল, সেই বিষয়ে আলোচনাত গুৰুত্ব দিয়া হৈছে।এই বিষয়টো পুনৰীক্ষণ কৰিবলৈ সংশ্লিষ্ট বিভাগক দায়িত্ব দিয়া হৈছে আৰু অতি শীঘ্ৰেই ইয়াৰ সঠিক সমাধান কৰা হ’ব বুলি কয় হাগ্ৰামা মহিলাৰীয়ে ।

আনহাতে বড়োলেণ্ড বিশ্ববিদ্যালয়ত নতুন ছটা বিষয় বা ডিপার্টমেন্ট অন্তৰ্ভুক্ত কৰাৰ বাবে অসম চৰকাৰৰ শিক্ষা বিভাগলৈ প্ৰস্তাৱ প্ৰেৰণ কৰা হৈছে। ইয়াৰ ভিতৰত আছে শাৰীৰিক শিক্ষা (Physical Education), সমাজশাস্ত্ৰ (Sociology), ডাটা চাইন্স এণ্ড আৰ্টিফিচিয়েল ইন্টেলিজেন্স (Data Science & Artificial Intelligence), চেৰিকালচাৰ (Sericulture), ফাইন আৰ্টছ (Fine Arts) আৰু লাইব্ৰেৰী এণ্ড ইনফৰ্মেচন ছাৰ্বিচ (Library & Information Services)। আনহাতে নেপালী এম.আই.এল., হিন্দী এম.আই.এল. আৰু বেংগলী এম.আই.এল.খোলা হ'ব ।বন বিভাগত ইউ.পি.পি.এল.ৰ আমোলত পূৰ্বৰ নিযুক্তিৰ প্ৰক্ৰিয়াত মুঠ ৪১৪ টা পদৰ বিপৰীতে পৰীক্ষা কৰি ৩৯৪ টা বৈধ বুলি চিনাক্ত কৰা হৈছে ।

এই ৩৯৪ গৰাকী প্ৰাৰ্থীক আনুষ্ঠানিকভাৱে নিযুক্তি পত্ৰ প্ৰদানৰ প্ৰক্ৰিয়া আৰম্ভ কৰা হ’ব।পূৰ্বৰ চৰকাৰ দিনত হৈ যোৱা প্ৰায় ১৭০০ টা বা তাতকৈ অধিক নিযুক্তিৰ প্ৰক্ৰিয়া (য’ত লিখিত পৰীক্ষা ল’লেও মৌখিক লোৱা হোৱা নাছিল বা অন্যান্য প্ৰক্ৰিয়া অসম্পূৰ্ণ আছিল) কাৰিকৰী বা নিয়মাৱলীৰ ত্ৰুটিৰ বাবে বাতিল কৰাৰ সিদ্ধান্ত লোৱা হৈছে।ইয়াৰ পৰিৱৰ্তে নতুনকৈ কেন্দ্ৰীয় নিযুক্তি বোৰ্ডে চাৰ্কুলাৰ জাৰি কৰি, সঠিকভাৱে ইণ্টাৰভিউ লৈ পুনৰ নতুনকৈ নিযুক্তি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলি কয় হাগ্ৰামা মহিলাৰীয়ে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande