
বৰপেটা, ১৬ ছেপ্তেম্বৰ (হি.স.)। অসমীয়া মাধ্যমৰ চৰকাৰী বিদ্যালয়ৰ পৰা অধ্যয়ন আৰম্ভ কৰি বিশ্বৰ অন্যতম আগশাৰীৰ মহাকাশ গৱেষণা প্ৰতিষ্ঠান নাছা ত গৱেষণাৰ সুযোগ লাভ কৰি বজালীলৈ গৌৰৱ কঢ়িয়াই আনিছে পাঠশালাৰ কৃতী সন্তান ড° দ্বীপজ্যোতি পাটগিৰীয়ে। উচ্চশিক্ষাৰ ক্ষেত্ৰত অধ্যয়নৰ মাধ্যম যে কোনো অন্তৰায় নহয়, সেয়া নিজৰ মেধা, অধ্যৱসায় আৰু উচ্চশিক্ষাৰ প্ৰতি থকা আগ্ৰহেৰে প্ৰমাণ কৰিছে ড° পাটগিৰীয়ে।পাঠশালা বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা শিক্ষাজীৱন আৰম্ভ কৰা দ্বীপ জ্যোতিয়ে পৰৱৰ্তী সময়ত কটন বিশ্ববিদ্যালয় আৰু আই আই টি ৰুৰকীত উচ্চশিক্ষা গ্ৰহণ কৰে।
পাঠশালাৰ অৱসৰপ্ৰাপ্ত শিক্ষক উমেশ পাটগিৰী আৰু অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী ৰমণী পাটগিৰীৰ পুত্ৰ ড° দ্বীপ জ্যোতিয়ে নাছাৰ অন্তৰ্গত Goddard Space Flight Centerত Postdoctoral Researcher হিচাপে গৱেষণাৰ সুযোগ লাভ কৰিছে।তেওঁৰ এই সাফল্যৰ খবৰে বজালীজুৰি আনন্দৰ সৃষ্টি কৰাৰ লগতে পাঠশালা বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী আৰু ছাত্ৰ-ছাত্ৰীসকলৰ মাজতো উৎসাহৰ সৃষ্টি কৰিছে।ড° দ্বীপ জ্যোতি পাটগিৰীৰ এই গৌৰৱময় সাফল্যক অভিনন্দন জনাই বুধবাৰে বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলে এক শোভাযাত্ৰা উলিয়ায়। বিদ্যালয়ৰ পৰা আৰম্ভ হোৱা এই শোভাযাত্ৰাই কৃতী সন্তানগৰাকীৰ সাফল্যক লৈ বজালীবাসীৰ গৌৰৱ আৰু আনন্দৰ প্ৰতিচ্ছবি দাঙি ধৰে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ