বিশ্বনাথত বিজেপিৰ ‘সেৱা সংকল্প অভিযান’ৰ মণ্ডল কৰ্মশালা সম্পন্ন, বিধায়ক পল্লৱ লোচন দাসৰ অংশগ্ৰহণ
বিশ্বনাথত বিজেপিৰ সেৱা সংকল্প অভিযানৰ মণ্ডল কৰ্মশালা সম্পন্ন, উপস্থিত বিধায়ক পল্লৱ লোচন দাস ।
বিশ্বনাথত বিজেপিৰ ‘সেৱা সংকল্প অভিযান’ৰ মণ্ডল কৰ্মশালা সম্পন্ন, বিধায়ক পল্লৱ লোচন দাসৰ অংশগ্ৰহণ


বিশ্বনাথ, ১৬ ছেপ্টেম্বৰ (হি.স.) : বিশ্বনাথ জিলাৰ বিশ্বনাথ মণ্ডলৰ উদ্যোগত বিশ্বনাথ চাৰিআলি পৌৰসভাৰ সভাগৃহত সেৱা সংকল্প অভিযানৰ এখনি মণ্ডল কৰ্মশালা অনুষ্ঠিত হয় । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৭৫ সংখ্যক জন্মদিন আৰু ২৫ বছৰীয়া ৰাজহুৱা সেৱাৰ প্ৰতি লক্ষ্য ৰাখি এই অভিযানৰ আয়োজন কৰা হৈছে।

এই কৰ্মশালাত উপস্থিত থাকে বিশ্বনাথ সমষ্টিৰ বিধায়ক পল্লৱলোচন দাস। অনুষ্ঠানত বিশ্বনাথ জিলা বিজেপিৰ বিষয়ববীয়া, মণ্ডলৰ সভাপতি, বুথ সভাপতি আৰু শতাধিক কাৰ্যকৰ্তাই অংশগ্ৰহণ কৰে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande