
শোণিতপুৰ, ১৬ ছেপ্টেম্বৰ (হি.স.)। মৰিগাঁও জিলাৰ লাহৰিঘাট থানাৰ অন্তৰ্গত ভেলৌগুৰিৰ পৰা এএছ ২১ কিউ ৬৭২২ নম্বৰৰ স্কুটিৰে আহি ১৪চেপ্টম্বৰৰ পুৱা ৫:৩০মান বজাত তেজপুৰ সদৰ থানাৰ অন্তৰ্গত বাৰহলীয়াত প্ৰাত: ভ্ৰমণলৈ যোৱা এগৰাকী মহিলাৰ ডিঙিৰ চেইন কাঢ়ি উধাও হোৱা দুস্কৃতিকাৰী মহিদুল ইছলামক তেজপুৰ আৰক্ষীৰ এটা দলে কালি ৰাতি মৰিগাঁও জিলাৰ ভেলৌগুৰিৰ পৰা স্কুটিসহ গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।
আৰক্ষীয়ে চলোৱা অভিযানত আৰক্ষীৰ জালত পৰা মহিদুলে ১৪ চেপ্টেম্বৰৰ পুৱা তেজপুৰ সদৰ থানাৰ অন্তৰ্গত বাৰহলীয়াত প্ৰাত: ভ্ৰমণলৈ যোৱা এগৰাকী মহিলাৰ ডিঙিৰ পৰা চেইন কাঢ়ি নিয়াৰ কথা স্বীকাৰ কৰাৰ লগতে সোনৰ চেইনডাল নগাঁও জিলাৰ ধিংৰ সোনাৰীক বিক্ৰী কৰাৰ কথা স্বীকাৰ কৰাত আৰক্ষীৰ দলটোৱে ধিংৰ পৰা চুৰি সোন ক্ৰয় কৰা ৫জন সোণাৰী ক্ৰমে আনোৱাৰ হুছেইন, ৰছিদুল হক, উত্তম বৰ্মন, জিয়াৰুল ইছলাম আৰু বিশ্বজিত দেৱনাথক গ্ৰেপ্তাৰ কৰাৰ লগতে চুৰি কৰি নিয়া সোণৰ চেইনডাল ভাঙি গলাই দিয়া ২৭গ্ৰাম সোন উদ্ধাৰ কৰিবলৈ সক্ষম হয়।
তেজপুৰ সদৰ থানাৰ প্ৰভাৰী ভাস্কৰজ্যোতি বেজবৰুৱাই চেইন কাঢ়ি নিয়া আৰু চুৰি সোন ক্ৰয় কৰা দুস্কৃতিকাৰীৰ দলটোক ভাৰতীয় ন্যায় সংহিতা আইনৰ ৩০৪(২)/৩(৫) ধাৰাত তেজপুৰ সদৰ থানাত পঞ্জীভুক্ত ৫৮৬/২৬নম্বৰ গোচৰৰ বিপৰীতে গ্ৰেপ্তাৰ কৰি তদন্ত আৰম্ভ কৰাৰ কথা ব্যক্ত কৰে।
হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ