১৯ ছেপ্টেম্বৰত দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে অসম সাহিত্য সভাই পালন কৰিব জুবিন দিৱস
–সন্ধিয়া ঘৰে ঘৰে প্ৰজ্বলন কৰিব বন্তি –১০০০ শাখা সভা আৰু ৩৩ খন জিলা সভাই পালন কৰিব জুবিন দিৱস শোণিতপুৰ, ১৬ ছেপ্টেম্বৰ (হি.স.)। অহা ১৯ ছেপ্টেম্বৰত দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে ৰাজ্যখনৰ বিভিন্ন প্রান্তত জুবিন দিৱস উদযাপন কৰিব অসম সাহিত্য সভাই। এই দি
১৯ ছেপ্টেম্বৰত দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে অসম সাহিত্য সভাই পালন কৰিব জুবিন দিৱস


–সন্ধিয়া ঘৰে ঘৰে প্ৰজ্বলন কৰিব বন্তি

–১০০০ শাখা সভা আৰু ৩৩ খন জিলা সভাই পালন কৰিব জুবিন দিৱস

শোণিতপুৰ, ১৬ ছেপ্টেম্বৰ (হি.স.)। অহা ১৯ ছেপ্টেম্বৰত দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে ৰাজ্যখনৰ বিভিন্ন প্রান্তত জুবিন দিৱস উদযাপন কৰিব অসম সাহিত্য সভাই। এই দিৱস উপলক্ষে অসম সাহিত্য সভাই ৩৩ খন জিলা সভা আৰু প্রায় ১০০০ খন শাখা সাহিত্য সভাৰ যোগেদি ৰাজ্যখনৰ বিভিন্ন প্রান্তত এই দিৱস উদযাপনৰ ব্যাপক প্রস্তুতি কৰিছে।

অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক দেৱজিৎ বৰাই আজি এক সংবাদ বিজ্ঞপ্তিত জানিবলৈ দিয়া মতে- ৰাজ্যখনৰ উপৰিও অসমৰ লগতে ভাৰতৰ বাহিৰত থকা শাখা সভাসমূহেও জুবিন দিৱস উদযাপনৰ প্ৰস্তুতি চলাইছে । আজি এই সম্পর্কত প্রধান সম্পাদক বৰাই আঞ্চলিক কাৰ্যালয়ৰ সম্পাদকসকলৰ লগতে জিলা সভাৰ সভাপতি, উপসভাপতি আৰু সম্পাদকসকলৰ সৈতে এক বৈঠকত মিলিত হৈ সকলোকে এই কার্যসূচী সফলভাবে ৰূপায়ণ কৰিবলৈ আহ্বান জনায়।

উল্লেখ্য যে এই অনুষ্ঠানৰ কেন্দ্ৰীয় কাৰ্যসূচী হিচাপে মৰিগাঁৱত অসম সাহিত্য সভাই মৰিগাঁও জিলা সাহিত্য সভাৰ সহযোগত আৰু মৰিগাঁও শতদল শাখা সাহিত্য সভাৰ আতিথ্যত জুবিন দিৱস উদযাপন কৰিব। এই কেন্দ্রীয়. অনুষ্ঠানৰ কাৰ্যসূচী অনুসৰি পুৱা ৮.৪৫ বজাত অসম সাহিত্য সভাৰ পতাকা উত্তোলন কৰিব মৰিগাঁও জিলা সাহিত্য সভাৰ সভাপতি ড° হৰমোহন কলিতাই। ইয়াৰ পাছতে সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ আৱক্ষমূর্তি আৰু মহাত্মা গান্ধীৰ আৱক্ষমূৰ্তিত মাল্যাপর্ণ আৰু বন্তি প্রজ্বলন কৰিব। পুৱা ১০-২৫ বজাত শ্বহীদ তর্পণ অনুষ্ঠানৰ পাছতে ১০-৩৫ বজাত নাহৰ পুলি ৰোপণ কৰিব। দিনৰ ১১-২৫ বজাত মায়াবিনী গীতেৰে প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ শ্রদ্ধাঞ্জলি জনাব। দিনৰ ১১-৫০ বজাত বন্তি প্রজ্বলন আৰু হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত মাল্যার্পণ কাৰ্যসূচীৰ পাছতে বিয়লি ১.৪৫ বজাত অসম সাহিত্য সভাৰ সভাপতি ড° বসন্ত কুমাৰ গোস্বামীৰ পৌৰোহিত্যত স্মৃতি সভা আৰু সংগীতানুষ্ঠান অনুষ্ঠিত হ'ব।

অসম সাহিত্য সভাৰ উপসভাপতি পদুম ৰাজখোৱাই সন্মানীয় অতিথি হিচাপে অংশগ্রহণ কৰিব লগা সভাত নির্দিষ্ট বক্তা হিচাপে উপস্থিত থাকিব অসম সাহিত্য সভাৰ প্ৰাক্তন প্রধান সম্পাদক ড° জগদীশ পাটগিৰি আৰু আমন্ত্রিত অতিথি হিচাপে উপস্থিত থাকিব বিশিষ্ট সংগীত শিল্পী, লেখক, গীতিকাৰ ৰঞ্জন কুমাৰ বেজবৰুৱা ।

উল্লেখ্য যে এই অনুষ্ঠানৰ পাছতে সন্ধিয়া সকলোৱে জুবিন গাৰ্গৰ ন্যায়ৰ বাবে বন্তি প্রজ্বলন কৰিব। অসম সাহিত্য সভাৰ প্রধান সম্পাদক দেৱজিৎ বৰাই অসমৰ প্ৰতিঘৰ গৃহস্থৰ লগতে সকলো অনুষ্ঠানতে জুবিন দিবস উপলক্ষে সন্ধিয়া ৬ বজাত এগছিকৈ বন্তি প্রজ্বলন কৰিবলৈ আহ্বান জনাইছে । উল্লেখ্য যে এই জুবিন দিৱস উদযাপনৰ বাবে যোৱা ১২ ছেপ্টেম্বৰত সাহিত্য সভাৰ ওদালগুৰিৰ কাৰ্যনিৰ্বাহক অধিৱেশনত এটি প্রস্তাৱ গ্ৰহণ কৰা হৈছিল ।

হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ


 rajesh pande