
বঙাইগাঁও, ১৬ ছেপ্টেম্বৰ (হি.স.)। নিউ বঙাইগাঁও ৰে’লৱে ষ্টেচনত অভিযান চলাই অসম ৰে’ল আৰক্ষী আৰু আৰ পি এফে ১৪গৰাকী বাংলাদেশী নাগৰিকক আটক কৰে। আটকাধীনসকলৰ ভিতৰত ছয়গৰাকী পুৰুষ আৰু চাৰিগৰাকী মহিলা আছে। তেওঁলোকৰ সৈতে চাৰিটি শিশুও আছিল বুলি আৰক্ষীৰ সূত্ৰে জানিব পৰা গৈছে।
আৰক্ষীৰ প্ৰাথমিক তথ্য অনুসৰি, আটকাধীন লোকসকলে মেঘালয়ৰ ডাউকী সীমান্তৰে অসমত প্ৰৱেশ কৰিছিল। ইয়াৰ পাছত ৰে’লযোগে দেশৰ আন প্ৰান্তলৈ যোৱাৰ পৰিকল্পনা কৰিছিল বুলি সন্দেহ কৰা হৈছে।
গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত নামনিমুৱা গুৱাহাটী–জম্মু তাৱী এক্সপ্ৰেছত অভিযান চলাইছিল অসম ৰে’ল আৰক্ষী আৰু আৰ পি এফে। ৰে’লখন নিউ বঙাইগাঁও ষ্টেচনত উপস্থিত হোৱাৰ পাছতে অভিযান চলাই দলটোক আটক কৰা হয়।
আৰক্ষীৰ মতে, বাংলাদেশৰ খুলনাৰ পৰা এটা দালাল চক্ৰৰ জৰিয়তে দলটো অসমলৈ অহাৰ তথ্য প্ৰাথমিক তদন্তত পোহৰলৈ আহিছে। এই চক্ৰটোৰ সৈতে ৰঞ্জু মিঞা নামৰ এজন লোক জড়িত থকাৰ কথাও তদন্তত পোহৰলৈ অহা বুলি আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰিছে।
বৰ্তমান আটকাধীন লোকসকলক সোধা-পোছা অব্যাহত ৰখাৰ লগতে তেওঁলোকে ডাউকী সীমান্তৰে কেনেদৰে অসমত প্ৰৱেশ কৰিলে, কোনে তেওঁলোকক সহায় কৰিছিল আৰু তেওঁলোকৰ পৰৱৰ্তী গন্তব্যস্থান কি আছিল—এই বিষয়সমূহৰ তদন্ত চলাই আছে আৰক্ষীয়ে। ঘটনা সন্দৰ্ভত দালাল চক্ৰটোৰ বিৰুদ্ধেও তদন্ত আৰম্ভ কৰা হৈছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ