
কামৰূপ, ১৩ ছেপ্টেম্বৰ (হি.স.)। ৰঙিয়াৰ চাঞ্চল্যকৰ হত্যাকাণ্ডৰ হত্যাকাৰী অভিজিত কিণ্ডুৰ চাঞ্চল্যকৰ স্বীকাৰোক্তি ।
অভিজিত কিণ্ডুই ঘৰৰ পৰাই আনিছিল কেচিখন । প্ৰেমিকাক হত্যাৰ পৰিকল্পনা আছিল পূৰ্বৰে পৰা ।
মালানি গুড়িয়াই অইন যুৱকৰ সৈতেও সম্পৰ্ক ৰাখিছিল বূলি অভিযোগ কৰিছে প্ৰেমিক অভিজিতে । প্ৰেমিকাক ডিঙি আৰু বুকুত প্ৰায় বিশ বাৰৰো অধিকবাৰ আঘাত কৰিছিল অভিজিতে ।
প্ৰেমিকাক হত্যা কৰি নিজেও ডিঙিত কেচিৰে আঘাত কৰিছিল অভিজিতে । কোঠাৰ চিলিং ফেনতো কাপোৰ লগাই আত্মহত্যাৰ চেষ্টা কৰিছিল ঘাতক অভিজিতে ।
মালানি গুড়িয়াৰ ঘৰ শোণিতপুৰ জিলাৰ অচুৰমৰিগাওঁত ।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু