

গুৱাহাটী, ১৩ ছেপ্টেম্বৰ (হি.স.)। ভক্তিৰসত মুখৰিত হ’ল ডিমৰীয়া মালয়বাৰী বৰিপাৰাৰ কলীয়া ঠাকুৰ নামঘৰ প্ৰাংগণ। শ্ৰী শ্ৰী কলীয়া ঠাকুৰ নামঘৰ, বৰিপাৰাৰ উদ্যোগত আয়োজন কৰা হৈছে বৰ্ষজোৰা শ্ৰী শ্ৰী কৃষ্ণৰ দৌল উৎসৱৰ ৰূপালী জয়ন্তী বৰ্ষৰ কাৰ্যসূচী।
এইবাৰ দৌল উৎসৱে ভৰি দিলে ৰূপালী জয়ন্তী বৰ্ষত। ৰূপালী জয়ন্তী বৰ্ষ উদযাপনৰ শুভাৰম্ভণি অনুষ্ঠান হিচাপে ১৩ ছেপ্টেম্বৰ অৰ্থাৎ ২৬ ভাদত অনুষ্ঠিত হয় ধৰ্মধ্বজা উত্তোলন কাৰ্যসূচী।
উদযাপন সমিতিৰ মূল পতাকা উত্তোলন কৰে সভাপতি গণেশ কলিতাই আৰু ২৫ গৰাকী বিশিষ্ট ব্যক্তিয়ে উত্তোলন কৰে আন ২৫খন পতাকা। বৰিপাৰা কলীয়া ঠাকুৰ নামঘৰ প্ৰাংগণত ধৰ্মীয় পৰম্পৰা আৰু ভক্তিভাৱেৰে আৰম্ভ কৰা হয় ৰূপালী জয়ন্তী বৰ্ষ উদযাপনৰ শুভাৰম্ভণি।
আগন্তুক দিনসমূহত বিভিন্ন ধৰ্মীয় আৰু সাংস্কৃতিক কাৰ্যসূচীৰে উদযাপন কৰা হ’ব এই বিশেষ দৌল উৎসৱ। দৌল উৎসৱৰ ৰূপালী জয়ন্তী বৰ্ষক লৈ ইতিমধ্যে অঞ্চলবাসীৰ মাজত দেখা গৈছে ব্যাপক উৎসাহ-উদ্দীপনা।
হিন্দুস্থান সমাচাৰ / Narayan Kar