
শ্ৰীভূমি, ১৩ ছেপ্টেম্বৰ (হি.স.)। প্ৰাক্তন মন্ত্ৰী ছিদ্দিক আহমেদৰ দেহাৱসান। পুৱা ৮.১০ মিনিটত শ্ৰীভূমিৰ বাৰৈগ্ৰামত থকা নিজা বাসভৱনত মৃত্যু হয় তেওঁৰ। দীৰ্ঘদিন ধৰি দুৰাৰোগ্য কৰ্কট ৰোগত ভুগি আছিল তেওঁ। দক্ষিণ কৰিমগঞ্জ সমষ্টিৰ পৰা চাৰিবাৰকৈ বিধায়ক নিৰ্বাচিত হৈছিল তেওঁ।
প্ৰয়াত তৰুণ গগৈ নেতৃত্বাধীন চৰকাৰত এটা কাৰ্যকালৰ বাবে তেওঁ মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল ।
ৰাজ্যৰ মুখ্য়মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অতি ঘনিষ্ঠ আছিল। মুখ্য়মন্ত্ৰী গৰাকী আজি সামাজিক মাধ্য়মৰ জৰিয়তে প্ৰয়াত কংগ্ৰেছ নেতা গৰাকীৰ মৃত্য়ুত শোকপ্ৰকাশ কৰি এই বিষয়ে উল্লেখ কৰে।মুখ্য়মন্ত্ৰী প্ৰেৰণ কৰা শোকবাৰ্তাটোত শোকসন্তপ্ত পৰিয়াল বৰ্গলৈ
সমবেদনা জ্ঞাপন কৰে।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু