
তিনিচুকিয়া, ১৩ ছেপ্টেম্বৰ (হি.স.)। চোৰৰ উপদ্ৰৱে নিদ্ৰা হৰণ কৰিছে মাৰ্ঘেৰিটাৰ ইনথেম ৰাইজৰ। এইবাৰ চোৰৰ লক্ষ্য হৈ পৰিছে পবিত্ৰ ধৰ্মীয় স্থলীসমুহ। মাৰ্ঘেৰিটাৰ ইনথেমৰ শ্ৰীমন্ত শংকৰদেৱ সমিতিৰ ইনথেম প্ৰাথমিক নামঘৰত যোৱা নিশা সংঘটিত হয় এক চাঞ্চল্যকৰ চুৰিকাণ্ড। নিশাৰ অন্ধকাৰৰ সুযোগ লৈ চোৰে নামঘৰৰ ভিতৰত প্ৰৱেশ কৰি ডেৰ লাখ টকাৰ ন যোৰা কাঁহৰ বৰতাল আৰু চাৰি বছৰে সাঁচি ৰখা দানপাত্ৰ ভাঙি আনুমানিক ৪০ ৰ পৰা ৫০ হাজাৰ নগদ ধন লৈ উধাও হয়।
পবিত্ৰ ধৰ্মানুষ্ঠানত সংঘটিত এই চুৰিকাণ্ডৰ পিছতেই সমগ্ৰ অঞ্চলটোত তীব্ৰ ক্ষোভৰ সৃষ্টি হৈছে। চুৰি কৰা সামগ্ৰীৰ সমুহ নামঘৰৰ পৰিচালক সমিতিয়ে ঘুৰাই দিবলৈ অনুৰোধ জনাইছে। ইতিমধ্যে নামঘৰৰ পৰিচালক সমিতিয়ে মাৰ্ঘেৰিটাৰ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছে। নামঘৰ পৰিচালনা সমিতিৰ এজাহাৰৰ ভিত্তিত মাৰ্ঘেৰিটা আৰক্ষীয়ে ঘটনাৰ প্ৰাথমিক তদন্ত আৰম্ভ কৰিছে বুলি জানিব পৰা গৈছে।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু