
চিৰাঙ, ১৩ ছেপ্টেম্বৰ (হি.স.)। চিৰাঙৰ বিজনীৰ হাৱাৰ গাওঁৰ নৰ্থ ইষ্ট মিলিটাৰী স্কুল দেওবাৰে পৰিদৰ্শন কৰে অৰুণাচল প্ৰদেশৰ গৃহমন্ত্ৰী মামা নাটুঙে ।
গৃহমন্ত্ৰী মামা নাটুঙক স্কুল কতৃপক্ষ, ছাত্ৰ ছাত্ৰীয়ে উষ্ম আদৰণি জনায়।
তদুপলক্ষে স্কুলৰ চৌহদত অনুষ্ঠিত সভাত সমাজ সেৱক উল্লাস কুলকাৰ্ণী , নৰ্থ ইষ্ট মিলিটাৰী স্কুলৰ উপদেষ্টা ডাঃ ইতেশ বৰদলৈ, বিজনীৰ প্ৰাক্তন বিধায়ক তথা নৰ্থ ইষ্ট মিলিটাৰী স্কুলৰ সভাপতি কমলসিং নাৰ্জাৰী, কাৰ্যকৰী সভাপতি ডাঃ ৰতন কুমাৰ ৰায় সহ অন্যান্য অতিথিবৃন্দ উপস্থিত থাকে।
গৃহমন্ত্ৰী মামা নাটুঙে সংবাদ মাধ্যমৰ আগত অসমক উত্তৰ পূৰ্বাঞ্চলৰ জ্যেষ্ঠ ভাতৃ হিচাপে মন্তব্য কৰে ।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা