বৰপেটাত গুজৰাট আৰক্ষীৰ অভিযানত চাইবাৰ অপৰাধী গ্ৰেপ্তাৰ
বৰপেটা, ১৩ ছেপ্টেম্বৰ (হি.স.)। বৰপেটাত গুজৰাট আৰক্ষীৰ অভিযান । চাইবাৰ অপৰাধৰ গোচৰত গুজৰাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে এজন যুৱকক। বৰপেটা আৰক্ষীৰ সহযোগত গুজৰাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা যুৱক জনক আজিজুল হুছেইন বুলি চিনাক্ত কৰা হৈছে। বৰপেটাৰ দঙৰকুছি গাঁ
বৰপেটাত গুজৰাট আৰক্ষীৰ অভিযানত চাইবাৰ অপৰাধী গ্ৰেপ্তাৰ


বৰপেটা, ১৩ ছেপ্টেম্বৰ (হি.স.)। বৰপেটাত গুজৰাট আৰক্ষীৰ অভিযান ।

চাইবাৰ অপৰাধৰ গোচৰত গুজৰাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে এজন যুৱকক।

বৰপেটা আৰক্ষীৰ সহযোগত গুজৰাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা যুৱক জনক আজিজুল হুছেইন বুলি চিনাক্ত কৰা হৈছে।

বৰপেটাৰ দঙৰকুছি গাঁৱৰ প্ৰয়াত আনোৱাৰ হুছেইনৰ পুত্ৰ আজিজুল হুছেইন।

গুজৰাটৰ গান্ধীনগৰ চি.আই. ডি. চাইবাৰ ক্ৰাইম থানাত পঞ্জীভূক্ত এটা গোচৰৰ তদন্তৰ বাবে বৰপেটাত উপস্থিত হৈ গুজৰাট আৰক্ষীৰ দলটোৱে অপৰাধী জনক গ্ৰেপ্তাৰ কৰে ।

অভিযুক্ত যুৱক জনক বৰপেটা থানালৈ আনি সোধা-পোছা কৰাৰ পাছত আদালতৰ পৰা ট্ৰেনজিট ৰিমাণ্ডত লৈ গুজৰাটলৈ লৈ যোৱাৰ প্ৰক্ৰিয়া চলাইছে আৰক্ষীয়ে।

যুৱক জনৰ বিৰুদ্ধে গুজৰাটৰ গান্ধীনগৰ চি আই ডি চাইবাৰ ক্ৰাইম থানাৰ গোচৰ নম্বৰ. ১১২০১০১২৬০৫২/২০২৬ৰ অধীনত বিএনএছৰ কেইবাটাও ধাৰাৰ লগতে আইটি আইনৰ ৬৬(ডি) ধাৰাত গোচৰ ৰুজু হৈ থকাৰ কথা জানিব পৰা গৈছে ।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande