স্বকীয় ঐতিহ্য়ৰে জিলিকিছে সৰুপথাৰৰ অসম-নগালেণ্ড সীমান্তৰ ৫০ টা বৰ্ষ গঢ়কা সৰুপথাৰ মহাবিদ্যালয়
গোলাঘাট, ০১ ছেপ্টেম্বৰ (হি.স.)। গোলাঘাট জিলাৰ সৰুপথাৰৰ অসম-নগালেণ্ড সীমান্তৰ সৰুপথাৰ মহাবিদ্যালয় খনে ৫০ টা বৰ্ষ গঢ়কিলে। ১৯৭০ চনত প্ৰতিষ্ঠাপক অধ্যক্ষ মুহিকান্ত তামুলীৰ সহযোগত সৰুপথাৰৰ দূৰদৰ্শী ব্যক্তিৰ অক্লান্ত পৰিশ্ৰমত, সীমান্তৱৰ্তী অঞ্চলৰ প্
স্বকীয় ঐতিহ্য়ৰে জিলিকিছে সৰুপথাৰৰ অসম-নগালেণ্ড সীমান্তৰ ৫০ টা বৰ্ষ গঢ়কা সৰুপথাৰ মহাবিদ্যালয়


গোলাঘাট, ০১ ছেপ্টেম্বৰ (হি.স.)। গোলাঘাট জিলাৰ সৰুপথাৰৰ অসম-নগালেণ্ড সীমান্তৰ সৰুপথাৰ মহাবিদ্যালয় খনে ৫০ টা বৰ্ষ গঢ়কিলে। ১৯৭০ চনত প্ৰতিষ্ঠাপক অধ্যক্ষ মুহিকান্ত তামুলীৰ সহযোগত সৰুপথাৰৰ দূৰদৰ্শী ব্যক্তিৰ অক্লান্ত পৰিশ্ৰমত, সীমান্তৱৰ্তী অঞ্চলৰ প্ৰথমখন উচ্চ শিক্ষাৰ অনুষ্ঠান হিচাপে এই বিদ্যালয় খনে যাত্ৰা আৰম্ভ কৰিছিল। ৫০ কিলোমিটাৰ ব্যাসাৰ্ধত কোনো কলেজ নাছিল, তেতিয়া এই কলেজ খনে হাজাৰজন দুখীয়া ছাত্ৰ-ছাত্ৰীক শিক্ষাৰ পোহৰ দিছিল। দৈয়াং ধনশিৰি উপত্যাকাৰ জ্বলিকি থকা

মহাবিদ্যালয়খনে ২০০৫ চনত প্ৰাদেশিকীকৃত হয় ।

বৰ্তমান কলা আৰু বাণিজ্য শাখাত ১২ টাতকৈও অধিক বিষয়ত স্নাতক পাঠ্যক্ৰম, সমৃদ্ধ পুথিভঁৰাল, ডিজিটেল ক্লাছৰুম, এনচিচি, এনএছএছ আৰু ছাত্ৰ-ছাত্ৰীৰ বাবে হোষ্টেলৰ সুবিধা আছে এই সৰুপথাৰ মহাবিদ্যালয় খনত । মহাবিদ্যালয়ৰ বৰ্তমানৰ অধ্যক্ষা ড৹ প্ৰাপ্তি ঠাকুৰে দায়িত্ব গ্ৰহণ কৰাৰ পাছত মহাবিদ্যালয়লৈ আহিল পৰিৱৰ্তন । অসমৰ ১২০বিধ দুষ্পাপ্ৰ প্ৰজাতিৰ পখিলাৰ অসমীয়া নামাকৰণে পতংগ বিজ্ঞানী সাৰাংগপানীৰ সহযোগত ৰং প্ৰজাপতিৰে পখিলাৰ গেলাৰি মহাবিদ্যালয়ত স্থাপন কৰে ।মহাবিদ্যালয় খনত এটা মিউজিয়াম আছে যাক যাদুঘৰ নামেৰে নামাকৰণ কৰিছে মিউজিয়াম টোত যথেষ্ট পুৰণিক বস্তু থকা ৰ লগতে আটকধুনীয়া কৈ সজাই তুলিছে।সৰুপথাৰ মহাবিদ্যালয় খনত অতিথি শালা (GUEST HOUSE)ৰ পৰা ইত্যদি কৰি সৰ্প জগত,এখন চাহ বাগিছা,এখন নেমুটেঙাৰ বাৰী,নাফুক খেতিৰ পৰা ধৰি বিভিন্ন ধৰনৰ খেতি তেওঁলোকে নিজৰ মহাবিদ্যালয়ৰ খনৰ প্ৰাংগণ কৰে।ইতিমধ্যই অসম ৰ যথেষ্ট বুদ্ধিজীৱি লোক এই সৰুপথাৰ মহাবিদ্যালয় খন পৰিদৰ্শন কৰি আপ্লুত হৈছে।

---------------

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande