ঝুমুৰ সন্মিলনীৰ কেন্দ্ৰীয় সমিতিৰ বিশেষ জৰুৰীকালীন গুৰুত্বপূৰ্ণ কাৰ্যনিৰ্বাহ
শিৱসাগৰ, ০১ ছেপ্টেম্বৰ (হি.স.)। ঝুমুৰ সন্মিলনী অসম, কেন্দ্ৰীয় সমিতিৰ বিশেষ জৰুৰীকালীন গুৰুত্বপূৰ্ণ কাৰ্যনিৰ্বাহ সভাখন অসম চাহ মজদুৰ সংঘৰ নাজিৰা শাখাৰ সভাকক্ষত অনুষ্ঠিত হয়। ঝুমইৰ সন্মিলনী অসম কেন্দ্ৰীয় সমিতিৰ সভাপতি ভদ্ৰ ৰাজোৱাৰ দেৱৰ স্বাস্থ্য অসুস
ঝুমুৰ সন্মিলনীৰ কেন্দ্ৰীয় সমিতিৰ বিশেষ জৰুৰীকালীন গুৰুত্বপূৰ্ণ কাৰ্যনিৰ্বাহ


শিৱসাগৰ, ০১ ছেপ্টেম্বৰ (হি.স.)। ঝুমুৰ সন্মিলনী অসম, কেন্দ্ৰীয় সমিতিৰ বিশেষ জৰুৰীকালীন গুৰুত্বপূৰ্ণ কাৰ্যনিৰ্বাহ সভাখন অসম চাহ মজদুৰ সংঘৰ নাজিৰা শাখাৰ সভাকক্ষত অনুষ্ঠিত হয়।

ঝুমইৰ সন্মিলনী অসম কেন্দ্ৰীয় সমিতিৰ সভাপতি ভদ্ৰ ৰাজোৱাৰ দেৱৰ স্বাস্থ্য অসুস্থতাৰ বাবে কেন্দ্ৰীয় সমিতিৰ কাৰ্যকৰী সভাপতি ৰাজীৱ কৈৰীক ভাৰপ্ৰাপ্ত সভাপতিৰ দায়িত্ব অৰ্পণ কৰে।

উক্ত সভাত কৰম পূজাৰ ওপৰত এটা সিদ্ধান্ত গ্ৰহণ কৰি কয় চলিত বৰ্ষৰ ভাদ মাহৰ শুক্লা একাদশী তিথি ২২ ছেপ্টেম্বৰ তাৰিখৰ পূৰ্বে কোনো দল সংগঠনে, উদযাপন সমিতিয়ে কৰম পূজা অনুষ্ঠিত নকৰিবলৈ কঠোৰ আহ্বান জনাইছে ঝুমুৰ সন্মিলনি অসমে। অন্যথা সেই সমিতি সমূহৰ ওপৰত আইনী ব্যৱস্থা লোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিব বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে।

---------------

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande