
কোকৰাঝাৰ, ০১ ছেপ্তেম্বৰ (হি.স.): ৰে’লৰ পৰা পৰি গুৰুতৰভাৱে আহত হোৱা এগৰাকী যাত্ৰীক আৰপিএফ কোকৰাঝাৰৰ তৎপৰতাত সময়মতে হাস্পতালত ভৰ্তি কৰাই চিকিৎসাৰ ব্যৱস্থা কৰা হয়। ঘটনাটো ১২৫১০ ডাউন ৰে’লৰ কোকৰাঝাৰ–ছালাকাটি ৰে’লখণ্ডৰ এলচি গেট নম্বৰ ১৪১ৰ সমীপত সংঘটিত হোৱা বুলি জানিব পৰা গৈছে।
আহত যাত্ৰীগৰাকীৰ পৰিচয় অনন্ত বৰা, পিতৃ ভোগ দত্ত বৰা, কামালপুৰ, চিমলুগুৰী, থানা দালপুৰ, জিলা লখিমপুৰৰ বাসিন্দা হিচাপে জানিব পৰা গৈছে। মূৰত আঘাত পোৱাৰ পিছত যাত্ৰীগৰাকী কোনোমতে কোকৰাঝাৰ ৰে’ল ষ্টেচনৰ ১ নম্বৰ প্লেটফৰ্মৰ ছালাকাটি মূৰত উপস্থিত হয়।
আৰপিএফৰ বিশেষ শাখাই যাত্ৰীগৰাকীক সোধ-পোছ কৰাত তেওঁ জনায় যে তেওঁৰ নীলা ৰঙৰ পিঠুবেগটো ৰে’লখনতে থাকি গৈছে। বিশেষ শাখাই বিষয়টো তৎকালীনভাৱে কোকৰাঝাৰৰ ডিউটি ষ্টাফ আৰু এছআইপিএফক অৱগত কৰে।
খবৰ লাভ কৰাৰ পিছতে আৰ. কে. সিং, এছআইপিএফ/আৰপিএফ/কোকৰাঝাৰে ঘটনাস্থলীত উপস্থিত হৈ আহত যাত্ৰীগৰাকীৰ বাবে তৎকালীনভাৱে এখন ব্যক্তিগত বাহনৰ ব্যৱস্থা কৰে। তেওঁক অগ্ৰাধিকাৰৰ ভিত্তিত আৰএনবি চিভিল হাস্পতাল, কোকৰাঝাৰলৈ লৈ যোৱা হয় আৰু চিকিৎসাৰ ব্যৱস্থা কৰা হয়।
ইফালে, আৰপিএফ এনজেপিৰ সহযোগত যাত্ৰীগৰাকীৰ নীলা ৰঙৰ পিঠুবেগটোও সংশ্লিষ্ট ৰে’লখনৰ পৰা উদ্ধাৰ কৰা হয়। আৰপিএফৰ তৎপৰতাৰ ফলত আহত যাত্ৰীগৰাকীয়ে সময়মতে চিকিৎসা লাভ কৰাৰ লগতে তেওঁৰ সামগ্ৰীও সুৰক্ষিতভাৱে উদ্ধাৰ হয়।
বৰ্তমান আহত যাত্ৰীগৰাকীৰ স্বাস্থ্যৰ অৱস্থা সুস্থিৰ বুলি জানিব পৰা গৈছে। আৰপিএফ কোকৰাঝাৰৰ এই তৎপৰতা আৰু মানৱীয় পদক্ষেপে ৰে’লযাত্ৰীৰ মাজত প্ৰশংসা লাভ কৰিছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ