
গোলাঘাট, ০১ ছেপ্টেম্বৰ (হি.স.)। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই তিনিদিনীয়া কাৰ্যসূচীৰে আজিৰ পৰা আৰম্ভ কৰিব দেৰগাঁও ভ্ৰমণ।
মুখ্যমন্ত্ৰীগৰাকীয়ে ১ ছেপ্টেম্বৰৰ পৰা ৩ ছেপ্টেম্বৰলৈ দেৰগাঁৱত অৱস্থান কৰিব। ভ্ৰমণসূচীৰ মূল আকৰ্ষণ হিচাপে অহা ২ ছেপ্টেম্বৰ, পুৱা ৮:৩০ বজাত দেৰগাঁওস্থিত লাচিত বৰফুকন পুলিচ একাডেমীত ৪৮ সংখ্যক ডি.ৱাই.এছ.পি.আৰু এ.পি.আৰ.অ'. নিযুক্তিপ্ৰাপ্ত কনিষ্টবলসকলৰ বৰ্ণাঢ্য ‘পাছিং আউট পেৰেড’ অনুষ্ঠান অনুষ্ঠিত হ’ব। অসম আৰক্ষীৰ আয়োজনত হ’বলগীয়া এই গুৰুত্বপূৰ্ণ অনুষ্ঠানত মুখ্যমন্ত্ৰীগৰাকীয়ে মুখ্য অতিথি হিচাপে উপস্থিত থাকি পেৰেড পৰিদৰ্শন কৰিব আৰু অভিবাদন গ্ৰহণ কৰিব। এই অনুষ্ঠানত ৩২ জন উপ-আৰক্ষী অধীক্ষক আৰু ৩৭১ জন কনিষ্টবলে অংশগ্ৰহণ কৰিব।
মুখ্যমন্ত্ৰীৰ তিনিদিনীয়া ভ্ৰমণৰ সবিশেষ কাৰ্যসূচী অনুসৰি— ১ ছেপ্টেম্বৰ আবেলি ৪:৩০ বজাত আই.আই.টি. গুৱাহাটীৰ পৰা পথেৰে যাত্ৰা আৰম্ভ কৰি নিশা ৮:৩০ বজাত দেৰগাঁৱৰ লাচিত বৰফুকন আৰক্ষী একাডেমীত উপস্থিত হ'ব আৰু তাতেই নিশা যাপন কৰিব। ২ ছেপ্টেম্বৰ পুৱা ৮:৩০ বজাত পাছিং আউট পেৰেডত অংশগ্ৰহণ আৰু দুপৰীয়া ১২ বজাত আৰক্ষী অধীক্ষকসকলৰ গুৰুত্বপূৰ্ণ সন্মিলনত যোগদান কৰিব। ৩ ছেপ্টেম্বৰ পুৱা এলবিপিএ প্ৰকল্পৰ পৰ্যালোচনা আৰু আৰক্ষী অধীক্ষকসকলৰ সন্মিলনত অংশ লোৱাৰ পিছত, আবেলি ৪:৩০ বজাত দেৰগাঁৱৰ ঐতিহাসিক নেঘেৰিটিং শিৱ দৌল দৰ্শন কৰিব। তাৰ পিছত পথেৰে গুৱাহাটীলৈ ৰাওনা হৈ নিশা ৯ বজাত দিছপুৰস্থিত বাসভৱনত উপস্থিত হ'ব।
---------------
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু