লামডিঙত হাফলং ৰোডৰ সমীপত ৩৩ কেভি বিদ্যুৎ লাইন বিপজ্জনক অৱস্থাত
হোজাই, ০৯ আগষ্ট (হি.স.)। হোজাই জিলাৰ লামডিঙত এপিডিচিএলৰ বিৰুদ্ধে উঠিছে গুৰুতৰ গাফিলতিৰ অভিযোগ । লামডিং এপিডিচিএলৰ অধীনস্থ হাফলং ৰোডৰ সমীপত থকা ৩৩ কেভি বিদ্যুৎ লাইন জনসাধাৰণৰ বাবে বিপজ্জনক হৈ পৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে। স্থানীয় লোকৰ
লামডিঙত হাফলং ৰোডৰ সমীপত ৩৩ কেভি বিদ্যুৎ লাইন বিপজ্জনক অৱস্থাত


হোজাই, ০৯ আগষ্ট (হি.স.)। হোজাই জিলাৰ লামডিঙত এপিডিচিএলৰ বিৰুদ্ধে উঠিছে গুৰুতৰ গাফিলতিৰ অভিযোগ ।

লামডিং এপিডিচিএলৰ অধীনস্থ হাফলং ৰোডৰ সমীপত থকা ৩৩ কেভি বিদ্যুৎ লাইন জনসাধাৰণৰ বাবে বিপজ্জনক হৈ পৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে।

স্থানীয় লোকৰ অভিযোগ অনুসৰি, জনবসতিপূৰ্ণ অঞ্চলৰ মাজেৰে যোৱা বিদ্যুৎ লাইনৰ অৱস্থা যথেষ্ট চিন্তনীয় হৈ পৰিছে । যিকোনো সময়তে অঘটন সংঘটিত হোৱাৰ আশংকাত আতংকিত হৈ পৰিছে অঞ্চলবাসী ।

ইফালে, ট্ৰেন্সফৰ্মাৰৰ ক্ষেত্ৰতো পৰ্যাপ্ত সুৰক্ষা ব্যৱস্থা নথকাৰ অভিযোগ উত্থাপন কৰিছে একাংশ স্থানীয় ৰাইজে। ট্ৰেন্সফৰ্মাৰৰ চৌপাশে প্ৰয়োজনীয় সুৰক্ষা ব্যৱস্থা নথকাৰ ফলত পথচাৰী আৰু স্থানীয় লোকৰ জীৱনলৈ বিপদ আহিব পাৰে বুলি অভিযোগ কৰিছে তেওঁলোকে।

স্থানীয় ৰাইজে শীঘ্ৰে বিষয়টো পৰিদৰ্শন কৰি বিপজ্জনক বিদ্যুৎ লাইন আৰু ট্ৰেন্সফৰ্মাৰত প্ৰয়োজনীয় সুৰক্ষা ব্যৱস্থা গ্ৰহণ কৰিবলৈ এপিডিচিএল কৰ্তৃপক্ষক আহ্বান জনাইছে ।

---------------

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande