
নগাঁও, ০৯ আগষ্ট (হি.স.): ৰহা-চাপৰমুখ সংযোগী মূল পথত বিগত প্ৰায় ১০/১২ দিন ধৰি সৃষ্টি হৈছে এক তীব্ৰ বিপদ সংকুল পৰিৱেশৰ । পথটোৰ দাঁতিত অবৈধভাৱে পাৰ্কিং কৰি ৰাখিছে প্ৰায় ৪০/৫০খনৰো অধিক সামগ্ৰীবাহী ট্ৰাক। আনকি মূল পথৰ সমান্তৰালভাৱে চাপৰমুখ ৰেলৱে উৰণীয়া সেঁতুৰ আধা অংশও এতিয়া এই ট্ৰাকসমূহৰ কৱলত।
আচলতে প্ৰায় ১০/১২ দিন পূৰ্বে চাপৰমুখ ৰে'ল জংচনৰ বাবে সামগ্ৰী কঢ়িয়াই আনিছিল এই ট্ৰাকসমূহে, কিন্তু ইমান দিন পাৰ হৈ যোৱাৰ পিছতো ৰে’ল বিভাগে সামগ্ৰীসমূহ আনলোড কৰাৰ কোনো ব্যৱস্থাই কৰা নাই । তাৰোপৰি ট্ৰাকসমূহ নিৰাপদে ৰাখিবলৈ ৰে'ল বিভাগে কোনো নিৰ্দিষ্ট স্থান বা পাৰ্কিঙৰ ব্যৱস্থা কৰি নিদিয়াৰ বাবে এতিয়া চালকসকলেও উপায়ন্তৰ হৈ মূল পথ আৰু উৰণীয়া সেঁতুৰ ওপৰতে গাড়ীসমূহ ৰখাবলৈ বাধ্য হৈ পৰিছে। ব্যস্তবহুল পথটোৰ আধা অংশ এইদৰে ট্ৰাকে আগুৰি থকাৰ বাবে এতিয়া যিকোনো মূহুৰ্ততে এক ভয়াবহ পথ দুৰ্ঘটনা সংঘটিত হোৱাৰ পূৰ্ণ আশংকা দেখা দিছে।
ইমানৰ পিছতো কিন্তু চাপৰমুখ ৰে'ল বিভাগে সমগ্ৰ বিষয়টোক লৈ কোনো ধৰণৰ গুৰুত্ব প্ৰদান কৰা নাই । আন ফালে পুলিচৰো সকীয়নি ৰাস্তাৰ পৰা গাড়ী আতঁৰ কৰি দিব লাগে, নহ'লে ফাইন কাটিব । স্থানীয় ৰাইজৰ জীৱনক সুৰক্ষা দিবলৈ আৰু সামগ্ৰীসমূহ খৰতকীয়াকৈ আনলোড কৰি পথটো যান-জঁট মুক্ত কৰিবলৈ এতিয়া ভুক্তভোগী ট্ৰাক চালক সকল নিৰুপায় হৈ সংবাদ মাধ্যমৰ কাষ চাপিছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ