বৰপেটাৰ পাঠিমাৰীত দুৰ্বৃত্তই কাটি তহিলং কৰিলে কঠিয়া
বৰপেটাৰ পাঠিমাৰীত সংঘটিত হৈছে এক অমানৱীয় ঘটনা ।
বৰপেটাৰ পাঠিমাৰীত দুৰ্বৃত্তই কাটি তহিলং কৰিলে কঠিয়া


বৰপেটা, ০৯ আগষ্ট (হি.স.):বৰপেটা জিলাৰ পাঠিমাৰীত সংঘটিত হৈছে এক অমানৱীয় ঘটনা । গাঁওখনৰ মুফাজল হক নামৰ এগৰাকী দৰিদ্ৰ কৃষকৰ বৃহৎ পৰিমাণৰ কঠিয়া কাটি তহিলং কৰে দুৰ্বৃত্তই । যোৱাকালি শনিবাৰে নিশা সংঘটিত হৈছে এই ঘটনা ।

উল্লেখ্য় যে চাৰি বিঘা মাটিত শালিধান ৰোৱাৰ বাবে কঠিয়া সিঁচিছিল কৃষকজনে । ৰোৱাৰ উপযোগী হোৱা কঠিয়াখিনি যোৱা নিশা দুৰ্বৃত্তই কাটি তহিলং কৰাত এতিয়া মূৰে কঁপালে হাত দিছে কৃষকজনে । দুৰ্বৃত্তৰ এনে অমানৱীয় কৰ্মকাণ্ডক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে অঞ্চলটোত। ইপিনে এই অমানৱীয় কাণ্ডত জড়িত থকা দুৰ্বৃত্তক চিনাক্ত কৰি গ্ৰেপ্তাৰৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰিছে ভূক্তভোগী পৰিয়ালটোৰ লগতে স্থানীয় একাংশ লোকে। এইক্ষেত্ৰত কাছুমাৰা আৰক্ষীক ব্যৱস্থা লোৱাৰ দাবী জনাইছে ৰাইজে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande