কলিয়াবৰত চাৰিলেনযুক্ত ঘাইপথ নিৰ্মাণত ব্যাপক বিসংগতি
নগাঁও, ০৯ আগষ্ট (হি.স.)। নগাঁও জিলাৰ কলিয়াবৰত চাৰিলেনযুক্ত ঘাইপথ নিৰ্মাণত ব্যাপক বিসংগতিৰ অভিযোগ উত্থাপিত হৈছে । এনএইচআইডিচিএলৰ অমনোযোগিতা আৰু ঠিকাদাৰী প্ৰতিষ্ঠানৰ মইমতালি আৰু পালমৰা কামৰ বাবেই নিৰ্মাণৰ পিছতেই খহি পৰিছে ১২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ
কলিয়াবৰত চাৰিলেনযুক্ত ঘাইপথ নিৰ্মাণত ব্যাপক বিসংগতি


নগাঁও, ০৯ আগষ্ট (হি.স.)। নগাঁও জিলাৰ কলিয়াবৰত চাৰিলেনযুক্ত ঘাইপথ নিৰ্মাণত ব্যাপক বিসংগতিৰ অভিযোগ উত্থাপিত হৈছে । এনএইচআইডিচিএলৰ অমনোযোগিতা আৰু ঠিকাদাৰী প্ৰতিষ্ঠানৰ মইমতালি আৰু পালমৰা কামৰ বাবেই নিৰ্মাণৰ পিছতেই খহি পৰিছে ১২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ এটা অংশ। এজাক বৰষুণতে খহি পৰিল কলিয়াবৰ তিনিআলিৰ সেউজ নগৰৰ সমীপৰ নৱনিৰ্মিত ৰাষ্ট্ৰীয় ঘাইপথচোৱাৰ এটা অংশ।

কলিয়াববৰ তিনিআলিৰ উৰণসেতুৰ কাষৰে নগাঁৱৰ পৰা তেজপুৰৰ দিশে যোৱা ঘাইপথ চোৱাৰ নিৰ্মাণত ব্যাপক বিসংগতি আৰু অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উঠিছে। নিম্নমানৰ নিৰ্মাণ কাৰ্যৰ বাবেই পথচোৱাৰ ঠায়ে ঠায়ে মাটি খহি দ গাঁতৰ সৃষ্টি হোৱাৰ লগতে খহি পৰিছে ৰাষ্ট্ৰীয় ঘাইপথচোৱাৰ অংশ। ১২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা সেউজ নগৰ সংযোগী লোকনিৰ্মাণ বিভাগৰ পথটোৰ এটা অংশও খহি পৰাত ক্ষোভিত হৈ পৰিছে স্থানীয় সচেতন লোকসকল। সম্প্ৰতি সংশ্লিষ্ট কৰ্তৃপক্ষই তালি-টোপলি মাৰি পথচোৱাৰ মেৰামতি কৰিছে যদিও পথটো নতুনকৈ নিৰ্মাণৰ দাবী উত্থাপন কৰিছে স্থানীয় লোকসকলে।

উল্লেখ্য যে, কলিয়াবৰ তিনিআলিৰ উৰণ সেঁতুখনৰ লগতে সংলগ্ন পথচোৱাৰ নিৰ্মাণৰ দায়িত্ব প্ৰথমে ছিমপ্লেক্স ইনফ্ৰাষ্ট্ৰাচাৰ নামৰ প্ৰতিষ্ঠানটোৱে লাভ কৰিছিল যদিও লেহেমীয়া আৰু নিম্নমানৰ নিৰ্মাণকাৰ্যৰ বাবে গণপতি নামৰ প্ৰতিষ্ঠানটোক অৰ্পন কৰা হয় নিৰ্মাণকাৰ্যৰ দায়িত্ব। কিন্তু গণপতি কনষ্ট্ৰাচনেও পাল মৰা ধৰণে নিৰ্মাণ কাৰ্য চলোৱাত ক্ষোভিত হৈ পৰিছে স্থানীয় ৰাইজ।

---------------

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande