
বৰপেটা, ০৯ আগষ্ট (হি.স.)। বৰপেটা জিলাৰ কলগাছিয়াত দৰ্জী পিয়াৰ আলীয়ে জীৱনৰ প্ৰায় ৩৫ টা বছৰ ধৰি জাতীয় পতাকা তৈয়াৰ কৰি আহিছে। এইবেলি ৮০ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰিবলৈ জাতীয় পতাকা সাজু কৰিছে কলগাছিয়াৰ পিয়াৰ আলীয়ে । কলগাছিয়াবাসীক স্বাধীনতা দিৱসৰ আগজাননী বিলাই প্ৰায় ৩৫ বছৰে জাতীয় পতাকা প্ৰস্তুত কৰি আহিছে কলগাছিয়াৰ পিয়াৰ আলীয়ে ।
কলগাছিয়া বজাৰত দৰ্জীৰ কাম কৰি জীৱন নিৰ্বাহ কৰা পিয়াৰ আলীয়ে ভাল পায় জাতীয় পতাকা। সেয়ে প্ৰতি বছৰে গণৰাজ্য দিৱস আৰু স্বাধীনতা দিৱসৰ আগে আগে তেওঁ নিজ হাতেৰে এইদৰে প্ৰস্তুত কৰি উলিয়ায় ভাৰতৰ তিনি বৰণীয়া জাতীয় পতাকাখন। পিয়াৰ অলীয়ে জীৱনৰ প্ৰথম অৱস্থাত দৰ্জীৰ কাম শিকাৰ পিছৰ পৰাই আৰম্ভ কৰিছে এই কাম। প্ৰথমে দুই-চাৰি খন পতাকা চিলাই কৰি স্বাধীনতা দিৱসৰ দিনা চৰ চাপৰিৰ ৰাইজৰ হাতত বিলাই ফুৰিছিল । তাৰ পাছৰ পৰাই ২৬ জানুৱাৰী আৰু ১৫ আগষ্ট আহিলেই পিয়াৰ আলীৰ জাগ্ৰত হয় দেশ প্ৰেম। তেওঁৰ মনটো আগ্ৰহী হৈ পৰে পতাকা চিলাই কৰাৰ কাৰণে।
বৃহত্তৰ কলগাছিয়াৰ লগতে বৰপেটা, মন্দিয়া, বৰভিটা, ময়নবৰী, জয়পুৰ, তাৰাকান্দি, বাঘবৰ, গোৱালপাৰা আৰু বঙাইগাঁও জিলালৈ যায় পিয়াৰ আলীয়ে প্ৰস্তুত কৰা জাতীয় পতাকা । সম্প্ৰতি পিয়াৰ আলীৰ ব্যতিক্ৰমী কৰ্মক ভূয়সী প্ৰশংসা কৰিছে ৰাইজে ।
---------------
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা