গোৱালপাৰাৰ লক্ষীপুৰ-আগিয়া পথৰ জৰাজীৰ্ণ অৱস্থা
গোৱালপাৰা, ০৯ আগষ্ট (হি.স.)। গোৱালপাৰাৰ লক্ষীপুৰ-আগিয়া পথটোৰ লক্ষীপুৰ নগৰৰ পৰা নিদানপুৰ হৈ চাইনবৰ্ডলৈ প্ৰায় দহ কিলোমিটাৰ পথচোৱাৰ অৱস্থা জৰাজীৰ্ণ হৈ পৰিছে। এই দীঘলীয়া পথছোৱা আজিলৈ নহ''ল মেৰামতি। গোৱালপাৰা পশ্চিম আৰু দুধনৈ ক্ষেত্ৰীয় পথ সংমণ্ডল কাৰ
গোৱালপাৰাৰ লক্ষীপুৰ-আগিয়া পথৰ জৰাজীৰ্ণ অৱস্থা


গোৱালপাৰা, ০৯ আগষ্ট (হি.স.)। গোৱালপাৰাৰ লক্ষীপুৰ-আগিয়া পথটোৰ লক্ষীপুৰ নগৰৰ পৰা নিদানপুৰ হৈ চাইনবৰ্ডলৈ প্ৰায় দহ কিলোমিটাৰ পথচোৱাৰ অৱস্থা জৰাজীৰ্ণ হৈ পৰিছে। এই দীঘলীয়া পথছোৱা আজিলৈ নহ'ল মেৰামতি। গোৱালপাৰা পশ্চিম আৰু দুধনৈ ক্ষেত্ৰীয় পথ সংমণ্ডল কাৰ্যালয়ৰ দায়িত্বত থকা এই পথচোৱাৰ অৱস্থাই জীয়াতু ভোগাইছে স্থানীয় ৰাইজক।

অকল এয়াই নহয় লক্ষীপুৰ পৌৰসভাৰ তত্বাৱধানত থকা লক্ষীপুৰ নগৰ খনৰ বাট-পথৰ অৱস্থাও ভয় লগা । সমগ্ৰ নগৰ খনৰ পথসমূহ বিধ্বস্ত হৈ পৰিছে । বছৰৰ পিছত বছৰ ধৰি লক্ষীপুৰ নগৰৰ পথ সমূহ মেৰামতি কৰিব নোৱাৰিলে পৌৰসভা কতৃপক্ষই । তাৰ ফল ভোগ কৰিছে স্থানীয় ৰাইজে । মুঠতে লক্ষীপুৰৰ বাট-পথ সম্প্ৰতি বিধ্বস্ত হৈ পৰিছে । এইক্ষেত্ৰত সংশ্লিষ্ট বিভাগ সমূহে কোনো গুৰুত্ব নিদিয়াত ৰাইজে ক্ষোভ ব্য়ক্ত কৰিছে ।

---------------

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande